সচিত্ৰপুথি সাংস্কৃতিক গোষ্ঠীৰ কৰ্মশালাৰ সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- সচিত্ৰপুথি সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত আৰু “দিব্যাংগ নাট্য বিদ্যালয়”ৰ সহযোগত মহানগৰীৰ জোনালী তিনিআলি, সেন্দুৰীআলী, জু ৰোডস্হিত কাৰ্যালয়ত ২০ জুলাইৰ পৰা ২৯ জুলাইলৈ চলা ১০ দিনীয়া কৰ্মশালাৰ সফলভাৱে সমাপণ হয়। “সচিত্ৰপুথি সাংস্কৃতিক গোষ্ঠী” আৰু “দিব্যাংগ নাট্য বিদ্যালয়”ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদৰ নেতৃত্বত চলা এই কৰ্মশালাত অন্য প্ৰশিক্ষক হিচাপে থাকি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে কলাজৰ অধ্যক্ষ নাট্যকৰ্মী গগন বৰ্মন, “দিব্যাংগ নাট্য বিদ্যালয়”ৰ শিক্ষয়িত্ৰী জুনমনি ৰয় আৰু শিক্ষয়িত্ৰী নীতুশ্ৰী চৌধুৰীয়ে। এই কৰ্মশালাৰ বিষয় আছিল: নাটকে ব্যক্তিত্ব বিকাশত কিদৰে সহায় কৰে আৰু ইয়াৰ ফলাফল- আত্মবিশ্বাস, যোগাযোগৰ দক্ষতা, সামাজিক দক্ষতা, স্পষ্ট লক্ষ্য আৰু প্ৰেৰণা। ইয়াৰ উপৰিও নাটকৰ জৰিয়তে সাধাৰণ আৰু দিব্যাংগ শিশুক কিদৰে শিক্ষা প্ৰদান কৰিব পাৰি। এই বিষয় সমূহৰ ওপৰত ১০ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছিল। এই কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰী সকল হ’ল- জয় হাজৰিকা, ৰিমজিম শইকীয়া, আকাশ বুঢ়াগোহাঁই, মাধুৰ্য তালুকদাৰ, মনালিছা দাস, অংকুশ ঠাকুৰীয়া, অৰিন্দম গগৈ, তামান্না মহন্ত, অংকিত বৰা, কৌশিক ৰয়, কুন্তল শৰ্মা আৰু পিংকি দাস। অধ্যক্ষ সাউদে জানিবলৈ দিয়ে যে এই বিষয় সমূহৰ ওপৰত অনাগত দিনত আৰু নতুন ধৰণেৰে ছাত্ৰ ছাত্ৰী সকলক শিকোৱাৰ ব্যৱস্থা কৰা হ’ব৷