সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ

সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লৈছে ষ্টাৰ ইণ্ডিয়ান বেটছমেন চেতেশ্বৰ পূজাৰাই । হঠাৎ চমকপ্রদভাৱে অৱসৰ ঘোষণা কৰিলে এইগৰাকী ধ্রুপদী টেষ্ট বেটাৰে।  চেতেশ্বৰ পূজাৰাই দেওবাৰে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই বিষয়ে অৱগত কৰে । ৩৭ বছৰীয়া পূজাৰাই এক্সত এটা দীঘলীয়া পোষ্ট দি ক্ৰিকেট কেৰিয়াৰৰ পৰা বিৰতি লয় ।চেতেশ্বৰ পূজাৰাই পোষ্টটোৰ কেপচনত লিখিছে, ভাৰতীয় জাৰ্চি পিন্ধা, জাতীয় সংগীত গোৱা আৰু প্ৰতিবাৰ খেলপথাৰত নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰা, শব্দৰে ক’বলৈ টান । কিন্তু কোৱাৰ দৰে প্ৰতিটো ভাল কামৰ অন্ত পৰে । মই গভীৰভাৱে কৃতজ্ঞ আৰু সকলো ফৰ্মেটৰ পৰা ক্ৰিকেটক বিদায় দিয়াৰ সিদ্ধান্ত লৈছো ।  চেতেশ্বৰ পূজাৰাই অৱসৰৰ পোষ্টত লিখিছে, “যেতিয়া মই মোৰ ক্ৰিকেট যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়া মই কেতিয়াও ভবা নাছিলো যে এই খেলখনে মোক ইমানখিনি দিব । বহুমূলীয়া সুযোগ, অভিজ্ঞতা, জীৱনৰ উদ্দেশ্য, প্ৰেম আৰু সৰ্বোপৰি আপোনাৰ ৰাজ্য আৰু এই মহান দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ । ভাৰতীয় জাৰ্চি পিন্ধা, জাতীয় সংগীত গোৱা আৰু খেলপথাৰত প্ৰতিবাৰেই পূৰ্ণ শক্তি প্ৰদান কৰাটো শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ । কিন্তু কোৱাৰ দৰে প্ৰতিটো ভাল কামৰ অন্ত পৰে । সম্পূৰ্ণ কৃতজ্ঞতাৰে মই ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছো ।” তেওঁ আৰু কয়,”মোক সুযোগ আৰু সমৰ্থন দিয়াৰ বাবে বি চি চি আই আৰু সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যনক ধন্যবাদ জনাইছো । ইয়াৰ উপৰিও মই প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা সকলো দল, ফ্ৰেঞ্চাইজি আৰু কাউন্টি দলৰ প্ৰতিও কৃতজ্ঞ । মোৰ গুৰু, প্ৰশিক্ষক আৰু গাইডৰ অমূল্য শিক্ষা অবিহনে মই ইমান দূৰলৈকে যাব নোৱাৰিলোঁহেঁতেন । চেতেশ্বৰ পূজাৰাই তেওঁৰ সতীৰ্থ, সহায়ক কৰ্মচাৰী, নেট বলাৰ, বিশ্লেষক, লজিষ্টিক দল, আম্পায়াৰ, গ্ৰাউণ্ড ষ্টাফ, স্ক’ৰাৰ, সংবাদ মাধ্যমৰ কৰ্মী আৰু পৰ্দাৰ আঁৰত কঠোৰ পৰিশ্ৰম কৰি খেলুৱৈসকলক খেলপথাৰত উন্নত প্ৰদৰ্শন কৰাত সহায় কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । বছৰ বছৰ ধৰি তেওঁক বিশ্বাস কৰা আৰু তেওঁৰ অফ-ফিল্ড কামৰ যত্ন লোৱাৰ বাবে পূজাৰাই তেওঁৰ পৃষ্ঠপোষক, অংশীদাৰ আৰু পৰিচালনা দলক ধন্যবাদ জনায় । চেতেশ্বৰ পূজাৰাই কয় যে এই খেলৰ জৰিয়তে তেওঁক বিশ্ব ভ্ৰমণ আৰু খেলাৰ সুযোগ দিয়া হৈছিল । সকলোতে তেওঁ অনুৰাগীৰ মৰম পাইছিল, যাৰ বাবে তেওঁ সদায় কৃতজ্ঞ হৈ থাকিব । পূজাৰাই স্বীকাৰ কৰে যে পৰিয়ালৰ অবিহনে এই যাত্ৰা সম্ভৱ নহ’লহেঁতেন । তেওঁ পিতৃ-মাতৃ, পত্নী পূজা, কন্যা অদিতি, শহুৰেক আৰু সমগ্ৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে । পূজাৰাই কয় যে পৰিয়ালটোৰ ত্যাগ আৰু সহযোগিতাই এই যাত্ৰা সাৰ্থক কৰি তুলিছিল । শেষত তেওঁ কয় যে এতিয়া তেওঁ জীৱনৰ পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ সৈতে অধিক সময় কটাব বিচাৰে আৰু তেওঁলোকক অগ্ৰাধিকাৰ দিব বিচাৰে । উল্লেখ্য যে ২০০৫ চনত ঘৰুৱা ক্ৰিকেটত চেতেশ্বৰ পূজাৰাই কেৰিয়াৰৰ প্ৰথমখন মেচ খেলিছিল। আনহাতে চলিত  বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুজৰাটৰ বিৰুদ্ধে তেওঁ খেলে প্ৰথম শ্ৰেণী ক্ৰিকেটৰ অন্তিমখন মেচ। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল পূজাৰাই বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  টেষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয়  অভিষেক ঘটোৱা  পূজাৰাই ২০১৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া অভিষেক ঘটায়।  অৱশ্যে  টেষ্ট  বিশেষজ্ঞ  হিচাপে খ্যাতি  অৰ্জা পূজাৰাৰ এদিনীয়া কেৰিয়াৰ বেছি দিন আগ নাবাঢ়িল নিজ আন্তঃৰাষ্ট্ৰীয়  কেৰিয়াৰত তেওঁ খেলে মাত্ৰ  খন এদিনীয়া মেচ সংগ্ৰহ কৰে মাত্ৰ ৫১ ৰান আনহাতে টেষ্ট কেৰিয়াৰত  তেওঁ  ভাৰতীয়  দলক ১০৩  খন মেচত প্ৰতিনিধিত্ব কৰে এই  সময়ছোৱাত  তেওঁ  ১৯টা  শতকৰ  সহায়েৰে  ৪৩.৬০  গড়ে  ,১৯৫  ৰান  সংগ্ৰহ কৰেভাৰতীয়  টেষ্ট  ইতিহাসৰ  অন্যতম  এগৰাকী  শ্ৰেষ্ঠ  খেলুৱৈ  হিচাপে  পৰিগণিত  লেও অৱশ্যে  পূজাৰাই প্ৰায় দুই বছৰ ধৰি দলত স্থান পোৱা নাছিল ২০২৩ চনৰ জুনতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ  অন্তিমখন টেষ্ট তথা আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। সামগ্ৰিকভাৱে ২০ বছৰীয়া কেৰিয়াৰত তেওঁ ২৭৮ খন প্ৰথম শ্ৰেণীৰ মেচ, ১৩০ খন লিষ্ট এ আৰু ৭১ খন টি-২০ মেচ খেলিছে। প্ৰথম শ্ৰেণীত তেওঁ ৬৬টা শতকৰে ২১,৩০১ ৰান সংগ্ৰহ কৰিছে। একে সময়তে তেওঁ লিষ্ট এ ক্ৰিকেটত ১৬টা শতকৰে ৫,৭৫৯ ৰান সংগ্ৰহ কৰিছে। টি-২০তো তেওঁ ১ শতকৰে ১,৫৫৬ ৰান সংগ্ৰহ কৰে। বিগত সময়ছোৱাত ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পিছত পূজাৰাৰ কেৰিয়াৰো প্ৰায় সন্দেহৰ মাজত সোমাই পৰিছিল। চলিছিল সম্ভাৱ্য অৱসৰৰ আলোচনা। অৱশেষত আজি পূজাৰাই নিজৰ অনুৰাগীলৈ দিলে এই গুৰুত্বপূৰ্ণ বাৰ্তা।