সকলো মানুহৰে মনৰ মাজত যুদ্ধ এখন চলি থাকে – চন্দ্ৰ শেখৰ পৰাজুলী

সকলো মানুহৰে মনৰ মাজত যুদ্ধ এখন চলি থাকে

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমি সচৰাচৰ যুদ্ধ বুলি ক’লে দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ সমূহক বুজো। কিন্তু মই এই আলোচনাৰ জৰিয়তে প্ৰতিজন মানুহৰ মনত প্ৰতিদিন, প্ৰতিক্ষণ চলি থকা এক অন্তহীন যুদ্ধৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ। মই অন্তহীন যুদ্ধ বুলি এইকাৰণে উল্লেখ কৰিছোঁ যে, এজন মানুহৰ জীৱন সমাপ্তিৰ পিছত সেইজন মানুহৰ মনৰ মাজত চলি থকা যুদ্ধ এখনৰ তাতেই পৰিসমাপ্তি ঘটে নহয়নে? কিন্তু ঠিক সেইদৰে গোটেই বিশ্বজুৰি জীবিত মানুহৰ মনৰ মাজত প্ৰতিদিন,প্ৰতিক্ষণ এনেধৰণৰ যুদ্ধ সদায় অব্যাহত হৈ থাকে । সেয়েহে এনেধৰণৰ প্ৰতিজন মানুহৰ মনত চলি থকা যুদ্ধ এখনৰ সঠিক পৰিসমাপ্তি নিৰূপণ কৰাটো কোনো মানুহৰ পক্ষে সম্ভবপৰ হৈ নুঠে। গতিকে মনৰ মাজত চলি থকা যুদ্ধৰ পৰিসৰ ইমানেই ব্যাপক যে আমি প্ৰতিজন মানুহৰে কল্পনাবোৰতকৈ অত্যাধিক ওপৰত।সকলো মানুহৰে মনৰ মাজত যুদ্ধ এখন চলি থাকে এইটো একেবাৰে চিৰসত্য কথা। এনেধৰণৰ যুদ্ধ মূখ্যত নিজৰ বেয়া দিশবোৰ পৰিহাৰ কৰি সদায় ভাল দিশলৈ গতি কৰিবলৈ চেষ্টা অব্যাহত থাকে। হয়তো আমি এইখন সংসাৰত জন্ম গ্ৰহণ কৰি অগণন পাপাৰ ভাগি হৈ পৰো। এনেধৰণৰ পাপৰ পথৰ পৰা পুণ্য পথলৈ বুলি এক অন্তহীন প্ৰক্ৰিয়াকে মই প্ৰকৃততে যুদ্ধ ৰূপে বৰ্ণনা কৰিছোঁ। চাওঁক মই  ইয়াতে উল্লেখ কৰা বিষয়বস্তুৰ ওপৰত বহু মানুহৰে মতানৈক্যৰ সৃষ্টি হোৱাটো স্বাভাৱিক। কিন্তু আন্ধাকাৰে যেনেকৈ পোহৰক ঢাকি ৰখাটো সম্ভৱপৰ হৈ নুঠে। ঠিক তেনেকৈয়ে বেয়া দিশবোৰে সদায় ভাল দিশবোৰক ঢাকি ৰখাটো অসম্ভৱ। এজন মানুহৰ গাত যিমানেই অমানৱীয়তা গুণসমূহে ঘৰ কৰি নাথাকক কিয়। পৰাপক্ষত সেই মানুহজনৰ গাত কোনোবা নহয় কোনোবা আকাৰত সদায় স্বতফুর্তভাবে মানৱীয়তাৰ গুণসমূহ উজাগৰ হৈ থাকে। এনেধৰণৰ প্ৰক্ৰিয়াৰ মাজত যদি আমি নিজৰ ভাল দিনবোৰৰ প্ৰতি আৰু অধিক ৰূপত বল প্ৰয়োগ কৰো তেন্তে এসময়ত গৈ আমাৰ মনৰ মাজত থকা বেয়া গুণসমূহৰ এটা এটা কৰি অন্ত পৰিব আৰু নিজস্ব ভাল গুণবোৰৰ জৰিয়তে নিজকে উদ্ধাৰ কৰাৰ লগতে জগতবাসিৰো বহু উপকাৰ সাধন হয়। আচলতে প্ৰতিজন মানুহৰে মনৰ মাজত চলা এনেধৰণৰ যুদ্ধৰ প্ৰক্ৰিয়াক পৰাপক্ষত বাধা প্ৰদানত বাবে আমি হয়তো অ-সামৰ্থ্য। কিন্তু অহৰহ আৰু নিৰন্তন প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্য লক্ষ্য মানুহৰ মাজত কেৱল এজন,দুজন ব্যক্তিয়ে নিজ অধিন বা নিয়ন্ত্ৰণলৈ লৈ আনিবলৈ সক্ষম হয়। ইয়াৰ বাবে আমি কেৱল সাধু, সন্যাসীৰ মাৰ্গ অবলম্বন কৰিয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ’ম এনে কোনো কথা নাই। আচলতে গৃহস্থী ধৰ্মৰ অবলম্বনৰ কৰিওঁ আমাৰ মনৰ মাজত চলি থকা যুদ্ধ খনত জয়ী হ’ব পাৰি।