সকলো পৰিস্থিতিতে  নিজকে খাপ খুৱাই চলিব লাগে – চন্দ্ৰ শেখৰ পৰাজুলী

সকলো পৰিস্থিতিতে  নিজকে খাপ খুৱাই চলিব লাগে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়ত প্ৰতিদিন,প্ৰতিক্ষ্যন জ্ঞান আহৰণ কৰি যাৱাটো জীৱনৰ এক অপৰিহাৰ্য্য অংশ হৈ পৰিছে। সেই অনুসৰি বৰ্তমানে পৰিবেশ আৰু পৰিস্থিতি অনুযায়ী নিজ জ্ঞানৰ সুচাৰুৰূপে পৰিচালনা কৰাৰো অত্যন্ত আবশ্যক হৈ পৰিছে। মই ইয়াতে এজন মানুহৰ কেৱল বিদ্যালয়ৰ পুথিগত জ্ঞান আহৰণ কৰাকে অধিক মান্যতা প্ৰদান কৰা নাই। কাৰণ আমি বিদ্যালয়ৰ পুথিগত জ্ঞান আহৰণ কৰাৰ উপৰিও সামাজিক আৰু আধ্যাত্মিক আদি দৰে সকলো প্ৰকাৰৰ জ্ঞানৰ জৰিয়তে নিজকে নিজৰ ক্ষমতা অনুসৰি পৰিপুষ্ট কৰি তুলিব লাগে। আমি কেনেকৈ জীৱন নিৰ্বাহ কৰি আহিছোঁ আৰু আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰোঁ এই কথাবোৰতকৈ অত্যাধিক মহত্বপূৰ্ণ কথাটো হ’ল আমি বৰ্তমান সময়ত কেনেকৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ মই কোৱা কথাখিনিৰ তাত্যপৰ্য এইটোৱেই যে, সকলো পৰিস্থিতিতে নিজকে খাপ খুৱাই চলিব লাগে।চাওঁক আমি অত্যাধিক শৰীৰৰ বাহ্যিক গৰম নিবাৰণৰ বাবে কাৰোবাৰ কাৰোবাৰ ঘৰত হয়তো বিদ্যুৎ  আৰু ইনভাইটাৰ(inviter) জৰিয়তে পাংখা (fan) সংযোগ কৰা দেখা যায়। ইয়াৰ উপৰিও কিছুমান মানুহে হয়তো ঘৰতে শীত,তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰ(AC) ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এইবোৰ হ’ল আপোনাৰ ঘৰত প্ৰতিদিনে জীৱন নিৰ্বাহৰ সুবিধাঅৰ্থে ব্যৱহাৰ হোৱা সাধন। কিন্তু আপুনি কেতিয়াবা এনেকুৱা ঠাইলৈ ভ্ৰমণ বা এনেকুৱা ধৰনৰ পৰিস্থিতিৰ মুখামুখি কৰিব লগা হ’ব পাৰে যত হয়তো বিদ্যুৎ সংযোগ কৰাৰ কোনো সুবিধা নাই নাইবা অৰ্থৰ অভাৱৰ ফলত বিদ্যুৎ সংযোগ কৰাৰ পৰা বঞ্চিত হৈ আছে। তেন্তে আপুনি তেনেধৰণৰ পৰিস্থিতিৰ কিদৰে সন্মুখীন কৰি যাব সেই সকলোবোৰ কথা আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আচলতে বিদ্যুৎ অবিহনে যদি সেই ঠাইৰ মানুহবোৰে যদি অতি সহজেই জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে তেনেহলে আপুনি আৰু ময়ো তেওঁলোকৰ দৰে সামান্য মানুহে নহয় জানো ? আপুনি আৰু মই নিজ নিজ জীৱন সংগ্ৰামত এনেধৰণৰ হাজাৰ হাজাৰ অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সেয়েহে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন কৰিবলৈ প্ৰথমে আমি আমাৰ মনক নিজ নিয়ন্ত্ৰণলৈ লৈ অনাটো অত্যন্ত প্ৰয়োজন। গতিকে নিজ মনক নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে কিদৰে সকলো পৰিস্থিতিতে  নিজকে খাপ খুৱাই চলিব পাৰি তাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে।