সকলো কাৰোবাৰ নহয় কাৰোবাৰ প্ৰাৰ্থনাত জয়ী হৈ থাকক – ৰিতু ভৰালী

Pc Freepik

সকলো কাৰোবাৰ নহয় কাৰোবাৰ প্ৰাৰ্থনাত জয়ী হৈ থাকক

ৰিতু ভৰালী,যোৰহাট

আজি ২০২৫ বর্ষৰ শেষ দিন,এইদিনবোৰত কোনোবাই কাৰোবাক ভাল পালে,কোনোবাই বেয়া পালে।কোনোবাই বন্ধুত্ব কৰিলে,কোনোবাই আকৌ বন্ধুত্ব ত্যাগ কৰিলে।কোনোবাই হঁহুৱালে,কোনোবাই কন্দুৱালে।কোনোবাই মিঠা দিলে,কোনোবাই তিতা দিলে।কোনোবাই ফুল দিলে,কোনোবাই আকৌ কাঁইট।কোনোবাই মৰম দিলে, কোনোবাই আশীৰ্বাদ।আকৌ একেই কোনোবাই অবাক্যৰে সমালোচনাও কৰিলে।এনেকুৱা দিনবোৰ খুবেই প্ৰয়োজন নহয়নে বাৰু!এইবোৰ একো একোখন পঢ়াশালী।আপোনালোক একোজন শিক্ষক আৰু সময়খিনি শিষ্য।ভালো লাগে দিয়কচোন যেতিয়া আমি সময়ৰ শেষত আপোন বুলি ভবা মানুহবোৰৰ কথাবোৰ জুকুৰিয়াই চাওঁ।আচলতে জীৱনটোত বিচৰাখিনি আমি একেদিনাই লাভ নকৰোঁ।তাৰ বাবে আমি সংগ্ৰাম কৰিব লাগিব। ৰ’দে পোহৰ পাবলৈ আন্ধাৰ খেদিব লগা হয় আৰু আন্ধাৰে আন্ধাৰ পাবলৈ পোহৰ খেদিব লগা হয়।আচলতে এয়া সকলো জটিল।একেদৰে দুয়োৰে প্ৰয়োজনো আমাৰ বাবে অতি বেছি।বাৰু যিকি নহওঁক এই বৰ্ষৰ প্ৰতিটো স্মৃতিৰ লগত জড়িত প্ৰতিজন সঙ্গীলৈ পুনৰ মৰম-স্নেহ,শুভেচ্ছা যাচিলোঁ।বছৰৰটোৰ শেষ প্ৰাৰ্থনা এয়াই যে পৃথিৱীত মজিয়াত ভৰি থোৱাৰ পৰা এই বৰ্ষৰ শেষলৈকে যিসকল লোক আমাৰ আন্তৰিক জীৱনৰ মাজলৈ আহি ৰৈ গ’ল অথবা নিজাকৈ নিজৰ বাবে কিবা অজুহাত দেখুৱাই আঁতৰি যোৱাৰ বাট ল’লে,, সেই প্ৰতিজনলৈ ২০২৬ বৰ্ষৰ জখলালৈ মৰম,শুভেচ্ছা, আশীৰ্বাদ কৰিলো, লগতে আমাৰ জীৱনলৈ আপোনালোকৰ পৰা আশীৰ্বাদ মৰম কামনা কৰিলোঁ। কাৰণ সুখ-দুখ-হাঁহি-কান্দোনৰ সমষ্টিৰ মিশ্ৰণেই জীৱন। সকলো কাৰোবাৰ নহয় কাৰোবাৰ প্ৰাৰ্থনাত জয়ী হৈ থাকক,ইজনৰ পৰা সিজনলৈ।

এই জীৱন ধন্যবাদ

এই জীৱন জিন্দাবাদ।