সকলোৰে মৰমৰ ‘জয়মালা’ আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- শোণিতপুৰৰ মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত থকা অতি মৰমৰ পোহনীয়া হাতী ‘জয়মালা’ই অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে। দীর্ঘদিন ধৰি যকৃত ৰোগত আক্রান্ত হাতীটো আজি পুৱা মৃত্যু হোৱাৰ খবৰ চাৰিওপিনে বিয়পি পৰাৰ লগেলগে বিশেষকৈ বন কাৰ্যালয়ৰ বনকৰ্মী আৰু মিছামাৰীৰ স্থানীয় ৰাইজ মাজত শোকৰ ছাঁ বিয়প পৰিছে। মিছামাৰীৰ গাভৰু খণ্ড বন কার্যালয়ত জয়মালা পদার্পণ কৰাৰ পাছৰে পৰা অঞ্চলটোৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ জাকজাক বন্যহস্তি জনাঞ্চললৈ প্ৰস্থান কৰি উপদ্ৰপ চলোৱা ৰোধ কৰাত জয়মালা বিশেষ ভূমিকা গ্রহণ কৰিছিল। উল্লেখ্য যে কেৱল মিছামাৰী অঞ্চলতে নহয় সমগ্র শোণিতপুৰ জিলা খনতে বনৰীয়া হাতী খেদিবলৈ বনকৰ্মী সকলৰ সৈতে জয়মালা ছাঁটোৰ দৰে সহায় আগবঢ়াইছিল। দিনে-নিশাই বনকৰ্মীৰ সৈতে সাৰথিৰ দৰে থাকি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰপ ৰোধ কৰাত নিয়োজিত আছিল জয়মালা। বন কর্তৃপক্ষৰ পৰা জানিব পৰামতে জয়মালা দীর্ঘদিন ধৰি যকৃত ৰোগত অসুস্থ হৈ আছিল। ৰোগীয়া হাতীটো চিকিৎসা কৰাৰ পাছত সুস্থ হৈ উঠিলেও পুনৰ কিছুদিনৰ পাছত অসুস্থ হৈ পৰা বুলি জানিবলৈ দিছে।ঢেকিয়াজুলিৰ পশু চিকিৎসক ডাঃ অমৰজিৎ বড়োৰ তৎত্বাৱধানত জয়মালাৰ চিকিৎসা চলি আহিছিল যদিও অৱশেষত কৰুণ মৃত্যুক সাৱটি লয়। জয়মালা বন বিভাগৰ এটা পৰিচিত নাম আৰু হাতীটো বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলোৰে অতি মৰমৰ আছিল বুলি জানিবলৈ দিছে। উল্লেখ্য যে ২০১৯চনত নামেৰি বনাঞ্চলৰ অসম-অৰুনাচল সীমান্তত গৰাকীবিহীন ভাবে পোহনীয়া হাতীজনীক বন কর্তৃপক্ষই ভৰিত শিকলি লগোৱা অৱস্থাত উদ্ধাৰ কৰিছিল। বন বিভাগে এই হাতীটোক কিছুদিন তেজপুৰ বন কাৰ্যালয়ত ৰখাৰ পাছত গাভৰু বন কার্যালয়ত হাতীটোক চোৱাছিতাৰ কাৰণে প্ৰেৰণ কৰে। হাতীটোৰ কৰুণ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলী লৈ পশ্চিম শোণিতপুৰ বন প্ৰাধিকৰণ কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক পদুম বৰপাত্ৰগোঁহাই, আঞ্চলিক বন বিষয়া প্রসেন দাস, বিভাগটোৰ কৰ্মচাৰী বৃন্দ, পশু চিকিৎসক ডাঃ অমৰজ্যোতি বড়ো আদি উপস্থিত হয়। পাছত মৃত হাতীটোক ডাঃ অমৰজ্যোতি বড়োৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ অন্তত গাভৰু খণ্ড বন কাৰ্যালয়ৰ চৌহদত অন্তোষ্টিক্রিয়া সম্পন্ন কৰে।