সকলোকে অবাক কৰি আম আদমি পাৰ্টীত যোগদানৰ ধুমুহা

সকলোকে অবাক কৰি আম আদমি পাৰ্টীত যোগদানৰ ধুমুহা
তিনিচুকীয়া, যোৰহাট, গোলাঘাট আৰু কামৰূপত সহস্ৰাধিকৰ আপত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱাত দলটোৰ অসমত ভবিষ্যতক লৈ সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল৷ কিন্তু আপ অসমৰ শেহতীয়া কুচকাৱাজে সেই চিন্তাৰ অৱসান ঘটাইছে৷ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ, অসম ভূমিপুত্ৰ ঐক্য মঞ্চৰ সৈতে মিত্ৰতা, অসমৰ চুকেকোণে সৰু বৰ যোগদান কাৰ্যসূচীৰে ২৬ লৈ কঁকালত টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷আজি দলটোৱে অসমৰ বহুকেইখন জিলাত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে৷ তিনিচুকীয়া, যোৰহাট, গোলাঘাট আৰু কামৰূপ জিলাত সহস্ৰাধিক লোকে আম আদমি পাৰ্টীত যোগদান কৰে৷ বিজেপি, ৰাইজৰ দল আৰু কংগ্ৰেছৰ বহু নেতা কৰ্মীৰ লগতে বহু কেইজন নিৰ্বাচিত জনপ্ৰতিনিধি আৰু সমাজসেৱকে অৰবিন্দ কেজৰীৱালৰ নীতিআদৰ্শৰ প্ৰতি আকৰ্ষিত হয়৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে কয় যে আপৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি হৈছে৷ বিজেপিৰ দৰে এটি সাম্প্ৰদায়িক দলক যে একমাত্ৰ আম আদমি পাৰ্টীয়েহে মুখামুখিকৈ যুঁজ দিব পাৰে সেইয়া শিক্ষিত সমাজে বুজি উঠিছে৷ উল্লেখযোগ্য যে ডা° চৌধুৰীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে আপে মিত্ৰতা নকৰে বুলি উল্লেখ কৰে৷