সংৰোহ – সংগীতা ডেকা

 সংৰোহ

সংগীতা ডেকা , ৰঙিয়া 

পুৰণি চহৰখনৰ পাপৰিত
লুকাই আছিল এটি জীয়াল ৰাতি
মই ফুল হওক বুলি
পোহৰত মেলি দিলোঁ ।
কোঁচত , নিঃচিহ্নমুখী নিদ্ৰাল ৰেণুবোৰ
নিস্তব্ধ শব্দেৰে আন্দোলিত হ’ল
আৰু মোক ক’লে__
সূৰুয লহিওৱা লহৰবোৰ
মেলি দিয়া সাগৰলৈ বুলি
হয় , শিলবোৰে অকণমান আমনি কৰিব
কিন্তু , নীলাম্বৰ ৰঙী পানীখিনিয়ে যে
বুকুখনক উশাহ দিব !
তুমি হয়তো অনুভৱৰ সন্ধিক্ষণত বিষদ্ৰষ্টা
একো নহয় দিয়া
মোৰ ভাবাৰ্থবোৰ
এবাৰতো ভাবি চোৱা !
উপন্যাস নহ’লেও যেনিবা
গল্প হ’লেও গজি উঠিব
ইতিহাস হৈ ৰোৱা ।