সংস্কৃত ভাৰতীৰ ক্ষেত্ৰীয় আৱাসীয় সংস্কৃত প্ৰশিক্ষণ বৰ্গৰ ১২ দিনীয়া কাৰ্যসূচীৰ সামৰণি 

সংস্কৃত ভাৰতীৰ ক্ষেত্ৰীয় আৱাসীয় সংস্কৃত প্ৰশিক্ষণ বৰ্গৰ ১২ দিনীয়া কাৰ্যসূচীৰ সামৰণি 

ৰঙিলী বাৰ্ত্তাসেৱা- ইয়াৰ দ্বাৰা বিবৃতি যোগে জনোৱা যায় যে সংস্কৃত ভাৰতীৰ ক্ষেত্ৰীয় আৱাসীয় সংস্কৃত প্ৰশিক্ষণ বৰ্গৰ ১২ দিনীয়া কাৰ্যসূচীৰ ১৩ জুলাই,২০২৪ তাৰিখে এক আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ন কৰি সামৰণি কৰা হয়। গুৱাহাটী মহানগৰৰ ছাত্ৰীবাৰীস্থিত কে. চি. দাস কমাৰ্চ কলেজত যোৱা ২ জুলাই, ২০২৪ তাৰিখত আৰম্ভ হোৱা এই প্ৰশিক্ষণ বৰ্গৰ সমাপন সমাৰোহ উপলক্ষ্যে আয়োজন কৰা সভাখনত সংস্কৃত ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ অধ্যক্ষ শ্ৰী কুমুদ বৰঠাকুৰদেৱে সভাপতিত্ব কৰে । দীপ প্ৰজ্বলন তথা দীপমন্ত্ৰৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা তথা স্বাগত ভাষণ ৎআগবঢ়ায় সংস্কৃত ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পৰ্ক প্ৰমুখ তথা নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰো. প্ৰহ্লাদ আৰ জোশীদেৱে । ধ্যেয মন্ত্ৰ পাঠ কৰে বৰ্গৰ শিক্ষাৰ্থী অংকিতা হালৈয়ে তথা প্ৰাচী শৰ্মা, সৰিতা দেৱী, দীক্ষিত গাৰ্গ আৰু অংকিতা মহন্তয়ে বৈদিক মংগলাচৰণেৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । ইয়াৰ পাছতে আজিৰ সভাত অন্য এক সৌন্দৰ্য বৃদ্ধি ঘটে জ্যোতিস্মিতা দাসৰ পৰিচালনাৰে ডিম্পী দাস, চন্দমা মেধি আৰু লিনামণি কাশ্যপৰ অভিনয়েৰে অনুষ্ঠিত “মম মাতা দেৱতা” শীৰ্ষক গীতৰ যোগেদি ।বৰ্গত অংশগ্ৰহণ কৰা ভালেকেইজন অংশগ্ৰহণকাৰীয়ে বিগত কেইদিনত সংস্কৃত শিক্ষা গ্ৰহণ কৰি লাভ কৰা অনুভৱ উপস্থাপন কৰে । এই বিষয়ত ময়ুৰী বৰকাকতি, ৰাজু চক্ৰৱৰ্তী আৰু অধ্যাপিকা নুৰিমা য়াছমিনৰ উপস্থাপিত অনুভৱী সংস্কৃত ভাষাত দিয়া ভাষণে সকলোকে আপ্লুত কৰে ।  সমাপন সমাৰোহত দৰং-উদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ্ৰী দিলীপ শ‌ইকীয়াদেৱক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ লগতে ভালেকেইজন সংস্কৃত অনুৰাগীৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰে সভাৰ সঞ্চালক ডা. ছবিলাল উপাধ্যায়দেৱে আৱাসীয় বৰ্গত সহায় সহযোগ তথা বিভিন্ন দায়িত্ব পালন কৰি সফলতা গঢ়ি তোলাত সহায় কৰা বৰ্গ শিক্ষকসকলক আৰু প্ৰবন্ধকসকলক পৰিচয় কৰাই দিয়ে । উক্ত সভাত ৩০ জনৰো অধিক স্থানীয় সংস্কৃত প্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে সভাৰ পাথেয় ভাষণ প্ৰদান কৰি ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী শ্ৰী মোহন কাণ্ণনদেৱে সংস্কৃত ভাষাৰ তত্ত্ব, ব্যৱহাৰিক ভাষা কৰাৰ প্ৰয়োজনীয়তা, আমাৰ সচেতন লোকসকলৰ কৰ্তব্য আৰু চৰকাৰৰ দায়িত্ব বিষয়ত বিতং ব্যাখ্যা ডাঙি ধৰে।আৱসীয় সংস্কৃত বৰ্গৰ এজন অন্যতম আয়োজক তথা ক. চি. দাস কমাৰ্চ কলেজৰ অধ্যক্ষ ডাঃ হৃষীকেশ বৰুৱাদেৱে এই বৰ্গৰ সফলতাত সহায় সহযোগ কৰা সদৌটি লোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰি নিজ অভিমত দাঙি ধৰে । ইয়াৰ পাছত প্ৰান্ত মন্ত্ৰী শ্ৰী পংকজ শৰ্মাদেৱে ধন্যবাদ জ্ঞাপন কৰে আৰু সদৌ শেষত কল্যাণ মন্ত্ৰৰ উচ্চৰণেৰে সভাৰ সমাপ্তি পৰে । উল্লেখযোগ্য যে সংস্কৃত ভাষা শিক্ষাক সৃষ্টিৰ লক্ষ্য আগত ৰাখি সংস্কৃত ভাৰতীয়ে প্ৰতিবছৰে আৱাসিক সংস্কৃত প্ৰশিক্ষণ বৰ্গৰ আয়োজন কৰি আহিছে । এই বৰ্গত মুঠ ৮১ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।