সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰ জিলা সমিতিৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান

সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰ জিলা সমিতিৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালালানিৰ সামৰণী অনুষ্ঠান দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কামৰূপ জিলাৰ ছয়টা বিভিন্ন স্থানত আৰু ছয়টা বিভিন্ন বিষয়ত সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলা সমিতিয়ে গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছিলে। কৰ্মশালাৰ বিষয় সমূহ আছিলে : হেঙেৰাবৰী হাইস্কুলত -সাধুকথা কোৱা কৰ্মশালা, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত – ভাৰত ৰত্ন ড°ভূপেন হাজৰিকা ৰ গীতৰ কৰ্মশালা, অনুষা কলাকেন্দ্ৰত – গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা, উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত – শুকনানি মহিলা ওজাপালিৰ কৰ্মশালা,অণুসুয়া ডেন্স একাডেমীত – বড়ো লোক নাচ -দাউশ্ৰী দালায় মাউছানায় আৰু বসুন্ধৰা কলা কেন্দ্ৰত – বৰগীতৰ কৰ্মশালা।

সৰ্বমুঠ ৩৫৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালা কেইখনত প্ৰশিক্ষণ লৈছিলে। কৰ্মশালা লানিৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে পদ্মভূষণ বঁটাৰে সন্মানিত নৃত্যাচাৰ্য্য যতীন গোস্বামী দেৱে। বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী বঁটা প্ৰাপক গুৰু শ্ৰীযুত দ্ৰোণ ভূঞা, সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ সভানেত্ৰী মঞ্জু বৰা, উত্তৰ অসম প্ৰান্তৰ সম্পাদক ডাঃ আলখ্য বৰুৱা,ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰভাৰী কৌশিক শৰ্মা,ভাৰত মাতা পূজন সমিতিৰ সভাপতি মন্মথ বৰুৱা,জ্যোতি চিত্ৰবন ছ’ছাইটিৰ অধ্যক্ষ বিদ্যা সাগৰ, সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰঞ্জুমণি শইকীয়া,ড°মনোজ দাস,যোগ গুৰু কুলৰ সম্পাদক ডাঃ হিমাংশু বুজৰবৰুৱা । কৰ্মশালাৰ ১০০ গৰাকী প্ৰশিক্ষাৰ্থিয়ে পৰিবেশন কৰা সংস্কাৰ ভাৰতীৰ ধ্যেয় গীতৰে আৰম্ভ হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে যতীন গোস্বামী দেৱে। এই অনুষ্ঠানতেই সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ জিলা সমিতিৰ হৈ সভাপতি ড° অসীম বৰা আৰু সম্পাদক দীপজ্যোতি হাজৰিকাই নৃত্যাচাৰ্য যতীন গোস্বামী দেৱক জাপি আৰু পাটৰ চেলেংৰে ওপজা দিনৰ ওলগ জনাই। ছয়খন কৰ্মশালাত ছাত্ৰ ছাত্ৰী সকলে প্ৰশিক্ষণ লোৱা বিষয় সমূহ অনুষ্ঠানটিত পৰিবেশন কৰে। উপস্থিত অতিথি সকলে ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰে।