সংস্কাৰ ভাৰতীৰ ‘প্ৰজ্ঞানুসন্ধান’

সংস্কাৰ ভাৰতীৰ ‘প্ৰজ্ঞানুসন্ধান’

ৰঙিলী বাৰ্ত্তাসেৱা- সংস্কাৰ ভাৰতী, উত্তৰ অসম প্ৰান্তৰ উদ্যোগত পাৰিজাত একাডেমী, পামহি, গড়চুক, অসম আৰু সংস্কাৰ ভাৰতী কামৰূপ মেট্ৰো সমিতিৰ সহযোগত আৰু ৰাজ্যিক সম্পদিকা (মহিলা), সংস্কাৰ ভাৰতী, উত্তৰ অসম প্ৰান্ত, মণীষা মজিন্দাৰ বৰুৱাৰ, পৰিকল্পনাত কৰ্মশালা ’প্ৰজ্ঞানুসন্ধান’ অনুষ্ঠিত হয়৷এই কৰ্মশালা আয়োজন কৰা হয় য’ত বিশেষৰূপে পাৰিজাত একাডেমীত  পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ লগতে তাৰ আশে পাশে থকা আৰ্থসামাজিকভাৱে পিছপৰা ল’ৰা ছোৱালী সকলৰ বাবে দৃশ্য আৰু প্ৰদৰ্শন কলাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।কৰ্মশালাৰ উদঘাটন কৰে পাৰিজাত একাডেমীৰ প্ৰধান আচাৰ্য উত্তম টেৰণ, এ.এফ.এফ.ডী.চী.ৰ উপাধ্যক্ষ ড° আলেক্ষ বৰুৱা, সংস্কাৰ ভাৰতী, উত্তৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক পুলকেশ বৰুৱা,সমাজকৰ্মী অজয় থাপা আদি উপস্থিত থাকে।এই কৰ্মশালাত প্ৰশিক্ষণ দিয়ে পূজা দত্তৰ দ্বাৰা গীত, দেৱজিৎ ডেকাৰ সহযোগত মূকাভিনয় আৰু ৰূপালী ফান্সুৰ সহযোগত লোক নৃত্য।সমাপন সমাৰোহত এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু তাত সকলো ল’ৰা ছোৱালীয়ে বিভিন্ন লোক নৃত্য গীত আৰু নাট আদি পৰিৱেশন কৰে৷মুখ্য অতিথি হিচাপে ড° উমেশ চন্দ্ৰ চক্ৰৱৰ্তী, সংঘ পালক, অসম ক্ষেত্ৰ, মঞ্জু বৰা, অধ্যক্ষ সংস্কাৰ ভাৰতী , উত্তৰ অসম প্ৰান্ত, উপস্থিত থাকে। আন অতিথিৰ ভিতৰত উপস্থিত থাকে পুলাকেশ বৰুৱা, সাধাৰণ সম্পাদক, সংস্কাৰ ভাৰতী, কামৰূপ মেট্ৰো সমিতি,ড° অসীম বৰা, কাৰ্যকৰী সভাপতি, সংস্কাৰ ভাৰতী, কামৰূপ মেট্ৰো সমিতি,ড° বেদব্ৰত শইকীয়া, সাধাৰণ সম্পাদক, সংস্কাৰ ভাৰতী, কামৰূপ মেট্ৰো সমিতি, আদি।