সংস্কাৰ ধ্বনি ফাউণ্ডেশ্যনৰ ৰূপান্তৰ সমাৰোহ আৰু এটি সুন্দৰ মূহুৰ্তৰ অভিজ্ঞতা
বুলমণি বৰি, লখিমপুৰ
সংস্কাৰ ধ্বনি ফাউণ্ডেশ্যনৰ ৰূপান্তৰ সমাৰোহ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত ২৩-০৩-২০২৫ তাৰিখে উন্মোচন হ’ল অসমৰ ইমূৰৰপৰা সিমূৰলৈকে এহেজাৰতকৈ অধিক কবিৰ বৰ্ণিল অনুভৱ আৰু কাব্যিক চেতনাৰে সমৃদ্ধ অসমৰ কাব্য ইতিহাসৰ সৰ্ববৃহৎ সহস্ৰ কবিৰ সহস্ৰ কবিতা শীৰ্ষক কাব্যগ্ৰন্থখন। জোনবাইলৈ যোৱা প্ৰথম অসমীয়া কবিতা শ্লোগানেৰে আৰম্ভ কৰা সহস্ৰ কবিৰ সহস্ৰ কবিতা শীৰ্ষক কাব্যগ্ৰন্থখন ড০ হিতেশ গোস্বামী দেৱৰ ২০২১ চনৰ পৰা ২৩-০৩-২০২৫ তাৰিখৰ দিনতোলৈকে নিখুঁত পৰিকল্পনাৰ ফলশ্ৰুতিত বাস্তৱ ৰূপ পায়।
অনুষ্ঠানৰ আৰম্ভণিতে পুৱা বোধিদ্ৰুম প্ৰকল্পৰ অধীনত গছপুলি ৰোপণ কৰে। ৫০ গৰাকী আই মাতৃ আৰু ৫০ গৰাকী পিতৃপুৰুষক সম্বৰ্ধনা জনায়। অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ জৰিয়তে সমূহীয়া বন্তি প্ৰজ্বলন কৰি গণেশ বন্দনাৰে অনুষ্ঠান আৰম্ভ হয়।এই অনুষ্ঠানত কেৱল সাহিত্য নহয় নৈতিক আধ্যাত্মিক সকলো সামৰি অনুষ্ঠান ভাগ আৰম্ভ কৰা হয় ।
এই গ্ৰন্থখনিত প্ৰথম খণ্ডত সন্নিৱিষ্ট হৈছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ,মাধৱ কন্দলি,হেম সৰস্বতী, অনন্ত কন্দলি, লক্ষ্মীনাথ বেজবৰুৱা, ৰঘূনাথ চৌধাৰী, হোমেন বৰগোহাঞি, নলিনীবালা দেৱীকে ধৰি পূৰ্বৰ স্বনামধন্য কবিসকলৰ কবিতা।যিসকলৰ জীৱনাদৰ্শৰে নিজক উজ্জীৱিত কৰি ৰাখিবৰ বাবে আমি সদা সংকল্পবদ্ধ ।লগতে অসমৰ ইমূৰৰপৰা পৰা সিমূৰলৈ নবীন প্ৰবীণ কবিসকলৰ বাচকবনীয়া কবিতা। এই অনুষ্ঠানত বজালী জিলাৰ বে’লনা নামৰ এখন গাঁৱলৈ স্বচ্ছতা বঁটা প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল কাব্য সিন্ধু ড০ অমৰজ্যোতি চৌধুৰী,ড০ সূৰ্য কান্ত হাজৰিকা ,বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া দেৱ,অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব বৰ্ণালী শৰ্মা , জ্যোতিষ কুমাৰ মেধি,ড০ সাগৰ ওংকাৰৰাও মাঞ্জাৰাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি।
এই গ্ৰন্থখন মুঠ ১০ টা খণ্ডৰ পূৰ্ণাৱয়ৱ লৈ আত্মপ্ৰকাশ কৰিছে। এহেজাৰ জন কবিৰ এহেজাৰটা নিৰ্বাচিত কবিতাৰে সমৃদ্ধ সহস্ৰ কবিৰ সহস্ৰ কবিতা নামৰ সাম্প্ৰতিক সময়ৰ বৃহৎ কবিতা সংকলনৰ জৰিয়তে অসমীয়া সাহিত্যৰ এক বৃহৎ অৱদান বুলি কব পাৰি।সহস্ৰ কবিৰ সহস্ৰ কবিতা, সংস্কাৰ ধ্বনি ফাউণ্ডেশ্যনৰ এই অভিনৱ যাত্ৰাত এটি কবিতাৰ জৰিয়তে সহযাত্ৰী হৈ একত্ৰ সংৰক্ষণত নিজক অন্তভুক্ত কৰাৰ লগতে পাঁচ শতাধিক উন্মোচকৰ হাতেৰে অভিলেখ সৃষ্টিকাৰী উন্মোচনী অনুষ্ঠানত এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকিবলৈ পায় অতিশয় সুখী হৈছোঁ। মুখ্য সম্পাদক ড০ হিতেশ গোস্বামী দেৱৰ লগতে সকলো বিষয় ববীয়াৰ ওচৰত আজীৱন চিৰ কৃতজ্ঞ হৈ ৰ’লো।