সংসদত দাখিল হ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট
ৰঙিলী বাৰ্ত্তাসেৱা– কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ একেৰাহে তিনিটা কাৰ্যকালৰ প্ৰথমখন সাধাৰণ বাজেট শনিবাৰে পুৱা ১১ বজাত দাখিল কৰে।একেৰাহে অষ্টমবাৰৰ বাবে অভিলেখসংখ্যক বাজেট দাখিল কৰি কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে বাজেট ভাষণ আৰম্ভ কৰে তেলেগু কবি, নাট্যকাৰ শ্ৰীগুৰজাড়া আপ্পাৰাওৰ আপ্তবাক্য ‘এখন দেশ কেৱল ভূমি নহয়। এখন দেশ ইয়াৰ জনতাৰ।’ এই আপ্তবাক্যৰে বাজেট ভাষণ আৰম্ভ কৰি কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত বিকশিত ভাৰতৰ ৰূপৰেখা দাঙি ধৰা হৈছে বুলি মন্তব্য কৰে। বিকশিত ভাৰতৰ লক্ষ্য নির্ধাৰণ কৰাৰ ক্ষেত্ৰত কৃষি, গ্রাম্য সমৃদ্ধি, নগৰ বিকাশ আৰু নগৰ শ্ৰমিকৰ বিনিয়োগক প্রাধান্য দি বাজেট প্ৰস্তুত কৰা হৈছে বুলিও কয় বিত্তমন্ত্রী সীতাৰমণে। দৰিদ্ৰ, যুব, অন্নদাতা আৰু মহিলাক প্রাধান্য দি দেশৰ সকলো প্ৰান্তৰ বিকাশৰ ধাৰণাৰে দাখিল কৰা বাজেটখনত মধ্যবিত্তক কৰ ৰেহাই চমকপ্রদ। দৰিদ্ৰতা নির্মূলৰ বাবে বিভিন্ন আঁচনিৰ উপৰি যুৱচামৰ দক্ষতা বৃদ্ধি, সংস্থাপনৰ বাবে সিদ্ধান্ত আৰু মহিলাৰ সবলীকৰণৰ বাবেও কেইবাখনো আঁচনি ঘোষণা কৰা হৈছে। অনুসূচিত জাতি/অনুসূচিত জনজাতি, পিছপৰা সম্প্ৰদায়ৰ প্ৰথমবাৰৰ উদ্যোগী মহিলাৰ কাৰণে ২ কোটি টকাৰ ঋণৰ ব্যৱস্থাৰ প্ৰস্তাৱ লোৱা হৈছে। মধ্যবিত্তক ৰেহাইৰে দাখিল কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নির্মল বাজেটত কৰৰ নতুন ব্যৱস্থা ঘোষণা কৰা হৈছে। মধ্যবিত্ত শ্রেণীক সকাহ দি মাহিলি এক লাখকৈ টকা উপাৰ্জন কৰা লোকে কোনো কৰ দিব নালাগে। অর্থাৎ বছৰি ১২ লাখ টকা উপাৰ্জনকাৰীয়ে কৰৰ পৰা ৰেহাই পায়। ঠিক তেনেদৰে দৰমহাপ্রাপ্ত কৰ্মচাৰীয়ে ১২.৭৫ লাখ টকাৰ পৰা ৭৫ হাজাৰ টকা ৰেহাই পাব। ইপিনে নতুন কৰ ব্যৱস্থা অনুসৰি চাৰি লাখ টকালৈকে উপাৰ্জনকাৰীয়ে এটকাও কৰ দিব নালাগে। অর্থাৎ বার্ষিক চাৰি লাখ টকা উপাৰ্জন কৰা লোকে কৰ দিব নালাগে। তেনেদৰে চাৰি লাখৰ পৰা ৮ লাখলৈকে উপাৰ্জনকাৰীয়ে ৫ শতাংশ, ৮ লাখৰ পৰা ১২ লাখলৈকে ১০ শতাংশ, ১২ৰ পৰা ১৬ লাখলৈকে ১৫ শতাংশ, ১৬ৰ পৰা ২০ লাখলৈকে ২০ শতাংশ, ২০ৰ পৰা ২৪ লাখলৈকে ২৫ শতাংশ আৰু ২৪ লাখৰ ঊর্ধ্বৰ উপাৰ্জনকাৰীয়ে ৩০ শতাংশ কৰ দিব লাগিব। মধ্যবিত্তক সকাহ দিয়া বাজেটখনত বিকশিত ভাৰতৰ নীতিৰ আধাৰত দৰিদ্ৰশূন্য, স্কুল শিক্ষাত এশ শতাংশ ভাল মান, উচ্চ মানদণ্ডৰ বহনক্ষম স্বাস্থ্যসেৱা, সংস্থাপনৰ বাবে এশ শতাংশ দক্ষ শ্রমিক, অর্থনৈতিক কার্যকলাপত ৭০ শতাংশ মহিলা আৰু কৃষকে দেশক বিশ্বৰ খাদ্যৰ ভঁৰাল হিচাপে গঢ়ি তোলাত প্রাধান্য দিয়া হৈছে। কৃষিখণ্ডৰ পৰা শিক্ষাখণ্ড, স্বাস্থ্যখণ্ডৰ পৰা ক্রীড়াখগুলৈকে, প্ৰতিৰক্ষা খণ্ডৰ পৰা আন বহুতো খণ্ডত পূৰ্বৰ বাজেটতকৈ অধিক পুঁজি আবণ্টন দি দেশক বিকশিত কৰি তুলিবলৈ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা কেন্দ্রীয় বাজেট ২০২৫-২৬ত মূল ব্যয় ৫০.৬৫ লাখ কোটি টকা। ইয়াৰে ৰাজহ সংগ্ৰহ ২৮.৩৭ লাখ কোটি আৰু ঋণ ৩৪.৯৬ লাখ কোটি টকা। বাজেটত বিত্তীয় ঘাটি জিডিপিৰ ৪.৪ শতাংশত সীমাবদ্ধ ৰখাৰ পৰিকল্পনা। লক্ষণীয় যে বাজেটত উল্লেখ কৰা মতে, বজাৰৰ পৰা ঋণ সংগ্রহ ১৪.৮২ লাখ কোটি টকা আৰু মূলধন ব্যয় ১১.২১ লাখ কোটি টকা (জিডিপিৰ ৩.১ শতাংশ)। কৃষি আৰু শিক্ষাখণ্ডত বাজেটখনত কেইবাটাও নতুন পৰিকল্পনা ঘোষণা কৰা হৈছে। শিক্ষাত এআই(AI)ৰ অন্তর্ভুক্তিৰে দেশত ৫টা ৰাষ্ট্ৰীয় এআই(AI)ৰ কেন্দ্র স্থাপন কৰিব। চৰকাৰী বিদ্যালয়ত অটল টিংকাৰিং লেব, চৰকাৰী বিদ্যালয়সমূহত ব্রডবেণ্ড ইণ্টাৰনেট, আইআইটি উন্নীতকৰণৰ প্রস্তাৱ লোৱা হৈছে। আনহাতে স্বাস্থ্যখণ্ডত দেশৰ সকলো জিলাত ডে’ কেয়াৰ কৰ্কট কেন্দ্র স্থাপনৰ সিদ্ধান্ত লৈ ২০২৬ বর্ষত ২০০ কেন্দ্র স্থাপন কৰিব। আনপিনে কৃষিখণ্ডত দেশৰ এশ কম উৎপাদনশীল গাঁৱক সাঙুৰি লৈ প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনা মুকলি কৰা হ’ব। দাইলৰ ক্ষেত্রত আত্মনিৰ্ভৰশীল হোৱাৰ বাবেই চৰকাৰে নতুন অভিযান আৰম্ভৰ ঘোষণা কৰিছে। শাক-পাচলি আৰু ফল-মূলৰ কাৰণেও এক কাৰ্যসূচীৰ সিদ্ধান্ত লৈছে বাজেটত। বিহাৰত মাখনা ব’ৰ্ড গঠনৰ ঘোষণা কৰা হৈছে সীতাৰমণৰ বাজেটত। কৃষিৰ লগতে এমএছএমই বিনিয়োগ আৰু ৰপ্তানিত অধিক গুৰুত্ব দিয়া হৈছে। বাজেটখনত কৃষিক দেশৰ বিকাশৰ প্রথম ইঞ্জিন হিচাপে অভিহিত কৰাৰ বিপৰীতে এমএছএমইক দ্বিতীয়, বিনিয়োগক তৃতীয় আৰু ৰপ্তানিক চতুর্থ ইঞ্জিন হিচাপে ব্যাখ্যা কৰি বাজেটখনত এই বিষয় চাৰিটাত চৰকাৰে অধিক গুৰুত্ব দিছে। কৃষিৰ পৰা ৰপ্তানিলৈকে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী গ্রহণ কৰিছে বাজেটত। আনপিনে কর্কটৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি বাজেটত কর্কটসহ বিভিন্ন ৰোগৰ ৩৬ জীৱনদায়িনী ঔষধত কৰ ৰেহাই দিয়া হৈছে। সংস্কাৰক ইন্ধন হিচাপে লৈ বাজেটত বিভিন্ন ক্ষেত্রত সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। প্রতিৰক্ষা শিতানত অভিলেখসংখ্যক পুঁজি আবণ্টন দি বাজেটত দেশখনক প্ৰতিৰক্ষাত আত্মনিৰ্ভৰশীল হোৱাত গুৰুত্ব আৰোপ কৰা হৈছে। সশস্ত্র বাহিনীক আত্মনিৰ্ভৰশীল আৰু অত্যাধুনিক প্রযুক্তিৰে শক্তিশালী কৰি তুলিবলৈ প্ৰতিৰক্ষা খণ্ডত বাজেটত ৬.৮১ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। ইপিনে প্রত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে দেশৰ অৰ্থনীতি সবল কৰাৰ সিদ্ধান্ত লৈ বাজেটত বীমাখণ্ডত এফডিআই ৭৪ শতাংশৰ পৰা এশ শতাংশলৈ বৃদ্ধি কৰিছে। উল্লেখ্য যে বিকশিত ভাৰতৰ লক্ষ্যৰে বাজেটত কৃষিৰ পৰা শিক্ষালৈ পুঁজি বৃদ্ধি কৰা হৈছে যদিও ৰে’ল, পৰিবহণ, বিজ্ঞান-প্রযুক্তিকে ধৰি আন কেইবাটাও খণ্ডত পূর্বতকৈ অধিক কম গুৰুত্ব দিয়া প্রতিফলিত হৈছে। কেন্দ্রীয় বাজেটৰ লগত একেলগে সাঙুৰি লোৱা ৰে’লৰ ক্ষেত্ৰত এইবেলি চৰকাৰে ২.৫২ লাখ কোটি টকা ধাৰ্য কৰিছে। ২০০ বন্দে ভাৰত ৰে’ল নির্মাণতো অনুমোদন জনোৱা হৈছে। আন্তঃগাঁথনি সংস্কাৰক প্রাধান্য দি ৰাজ্য চৰকাৰসমূহৰ কাৰণে ১.৫ লাখ কোটিটকীয়া বিনামূলীয়া ঋণ প্ৰদান কৰা হ’ব। দেশৰ সকলো প্ৰান্তৰ ভাৰসাম্য বিকাশেৰে সবকা বিকাশ মন্ত্ৰক সাঙুৰি বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটখনক ভূয়সী প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ সহযোগী দলসমূহে বাজেটখনক লৈ সন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে কংগ্ৰেছসহ বিৰোধীয়ে বাজেটখনক লৈ অসন্তুষ্টি প্রকাশ কৰিছে।