সংমিশ্ৰণ্‌ – নাজমীনা মজিদ

সংমিশ্ৰণ্‌

নাজমীনা মজিদ

তুলিকা একমাত্ৰ সন্তান । তাইৰ সাধ্যতকৈও পুত্ৰ সন্তানৰ স’তে প্ৰতিযোগিতা । ল’ৰাই পাৰে ছোৱালীয়ে নোৱাৰাৰ কি আছে । হ’লেও মানুহৰ এটাই কথা এজনীয়ে ছোৱালী ল’ৰা এটা থকা হ’লে । তুলিকা স্বাৱলম্ভী হৈও তাৰ সংজ্ঞাত তাই সফল নহয় বুলি কয়, সফল সিদিনাই হ’ব যদি তাৰ মৃত্যুত মানুহে ক’বলৈ বাধ্য হয় ল’ৰা নাথাকিলেও ছোৱালীয়ে নকৰিবলগীয়া কোনো নাই,ছোৱালী সৱ পাৰে ।  প্ৰকৃতি নিয়ম পালন কৰিবই লাগিব  তুলিকাৰ বিয়া হ’ল । তুলিকা  দেউতাই কন্যাদান কৰা সময়ত তুলিকা খন্তেক সময়ৰ বাবে হেৰাই গ’ল নিজৰ সাহসৰ বাটৰ পৰা আৱেগিক বাটত অলপ সময়ৰ বাবে চিঞৰি উঠিল পিতাই অ’ তঁহতক কোনে চাব ! তুলিকাৰ  স্বামীয়ে আশ্বাস দিছে তুলু তোৰ দৰে সাহসী ছোৱালী এজনী এনেকুৱা হ’লে কেনেকে হ’ব ! আমি চাম য’ত চাৰিগৰাকী মা-দেউতা থাকিব । সচাঁকৈয়ে,আত্মীয়-স্বজন আলোচনা কৰিব ধৰিলে জোৱাই ভাল হ’লে ছোৱালীক বিয়া দিলে এগৰাকী দায়িত্বৱান পুত্ৰও লাভ কৰা যায় । বৰুৱাহঁত সচাঁকৈয়ে ভাগ্যৱান,,ছোৱালীয়ে পায় ৮০-৯০ লক্ষ মাহেকত টকা জোৱাইৰো সমৰ্থন,দায়িত্ব, মৰম শ্ৰদ্ধা শহুৰ-শাহুৰ প্ৰতি  আছে আৰু কি লাগে ! সেয়েহে, বৰুৱাৰ দৰে প্ৰতিগৰাকী দেউতাকে ছোৱাৰীক আগেয়ে শিক্ষিতা কৰিব লাগে, স্বাৱলম্ভী হ’লে জোৱাই ভাল হ’বই নহ’লেও ভাল হ’বলৈ বাধ্য হ’ব ।