সংবিধানত নাৰী–অধিকাৰ আৰু সমাজৰ বাস্তৱ চিত্ৰ – ময়ূৰী বৰগোহাঁই

Pc Pexels

সংবিধানত নাৰী–অধিকাৰ আৰু সমাজৰ বাস্তৱ চিত্ৰ

ময়ূৰী বৰগোহাঁই,শিৱসাগৰ

ভাৰতীয় সংবিধান আধুনিক গণতান্ত্ৰিক মূল্যবোধৰ এক মৌলিক নথি হিচাপে পৰিগণিত হ’লেও, নাৰী–অধিকাৰৰ প্ৰশ্নত ইয়াৰ প্ৰায়োগিক সফলতা এক গভীৰ বৌদ্ধিক বিতৰ্কৰ বিষয় হৈ আছে । আইনী পাঠ্য আৰু সামাজিক বাস্তৱতাৰ মাজৰ ব্যৱধান এই ক্ষেত্ৰত বিশেষভাৱে স্পষ্ট । ফেমিনিষ্ট জুৰিসপ্ৰুডেন্সৰ মতে, আইন কেতিয়াও নিৰপেক্ষ নহয়; ই সমাজৰ বিদ্যমান ক্ষমতা-সম্পৰ্ক, লিংগীয় মানসিকতা আৰু ঐতিহাসিক আধিপত্যৰ প্ৰতিফলন বহন কৰে (MacKinnon, 1989) । এই দৃষ্টিকোণৰ পৰা ভাৰতীয় সংবিধানত নাৰী–অধিকাৰৰ উপস্থিতি পৰ্যালোচনা কৰিলে দেখা যায় যে আইনী সমতাৰ ঘোষণাই স্বয়ংক্ৰিয়ভাৱে সামাজিক মুক্তি নিশ্চিত নকৰে ।

সংবিধানৰ অনুচ্ছেদ ১৪, ১৫, ১৬ আৰু ২১-এ নাৰী–পুৰুষৰ আইনী সমতা আৰু মৌলিক অধিকাৰ সুনিশ্চিত কৰে । সংবিধানৰ অনুচ্ছেদ ১৪ নাৰী–পুৰুষৰ আইনী সমতাৰ কথা ঘোষণা কৰে, অনুচ্ছেদ ১৫(১) লিংগৰ আধাৰত বৈষম্যক নিষিদ্ধ কৰে আৰু অনুচ্ছেদ ১৫(৩)ৰ জৰিয়তে নাৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ অধিকাৰ ৰাজ্যক প্ৰদান কৰে । ইয়াৰ লগতে অনুচ্ছেদ ১৬ সমান সুযোগৰ নিশ্চয়তা দিয়ে, অনুচ্ছেদ ২১ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰে। কাগজত চাবলৈ গ’লে এই সংবিধানিক ব্যৱস্থাসমূহে নাৰীক এক পূৰ্ণ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰে—যি নাগৰিকৰ অধিকাৰ কোনো পুৰুষৰ তুলনাত কম নহয় । বিশেষকৈ অনুচ্ছেদ ১৫(৩)ৰ জৰিয়তে নাৰীৰ বাবে বিশেষ ব্যৱস্থাৰ অনুমতি প্ৰদান কৰি সংবিধানে “formal equality”ৰ পৰা “substantive equality”ৰ দিশে আগবঢ়াৰ প্ৰয়াস কৰিছে । তথাপি ফেমিনিষ্ট আইন তত্ত্বই যুক্তি আগবঢ়ায় যে আইনী ভাষাত ব্যৱহৃত “সমতা” প্ৰায়েই পুৰুষ-অভিজ্ঞতাক মানদণ্ড হিচাপে লৈ গঢ় লৈ উঠে (MacKinnon, 1989) । ফলস্বৰূপে, নাৰীৰ জীৱনৰ বিশেষ সামাজিক বাস্তৱতা—যেনে গৃহস্থালি শ্রম, যত্নমূলক কৰ্ম, যৌন হিংসা বা সামাজিক নিয়ন্ত্ৰণ—আইনৰ মূল কাঠামোত প্ৰান্তিক হৈ পৰে ।

postcolonial feminism-এ এই সমস্যাটোক আৰু গভীৰভাৱে উন্মোচন কৰে । চন্দ্ৰ তালপাডে মহান্তীৰ মতে, উপনিবেশোত্তৰ সমাজসমূহত নাৰীৰ অভিজ্ঞতা কেৱল লিংগীয় বৈষম্যৰ ফল নহয়; ই ঔপনিবেশিক ইতিহাস, জাতি, শ্ৰেণী আৰু সংস্কৃতিৰ সৈতে আন্তঃসম্পৰ্কিত (Mohanty, 2003) । ভাৰতীয় সংবিধান ঔপনিবেশিক শাসনৰ পাছত গঢ় লৈ উঠা এখন নথি যদিও, ইয়াৰ আইনী কাঠামো বহুক্ষেত্ৰত পশ্চিমীয়া উদাৰনৈতিক ধাৰণাৰ ওপৰত আধাৰিত । এই ধাৰণাই বহু সময়ত ভাৰতীয় সমাজৰ বহুত্ববাদী আৰু স্তৰভিত্তিক বাস্তৱতাক সম্পূৰ্ণৰূপে ধৰি ৰাখিব নোৱাৰে ।

এই পৰিপ্ৰেক্ষিতত নাৰী–অধিকাৰৰ সংবিধানিক আশ্বাস আৰু সমাজৰ বাস্তৱ চিত্ৰৰ মাজৰ বৈপৰীত্য স্পষ্ট হয়। আইনত নাৰী সমান নাগৰিক, কিন্তু সামাজিক অনুশীলনত তেওঁলোকে আজিও সীমাবদ্ধ ভূমিকা পালন কৰিবলৈ বাধ্য । পাৰ্থ চেটাৰ্জীয়ে উল্লেখ কৰা মতে, উপনিবেশোত্তৰ ভাৰতীয় জাতীয়তাবাদে “ঘৰ” আৰু “বাহিৰ”ৰ এক বিভাজন সৃষ্টি কৰিছিল, য’ত নাৰীক নৈতিকতাৰ বাহক হিচাপে ঘৰৰ ভিতৰত স্থাপন কৰা হৈছিল (Chatterjee, 1993) । এই ঐতিহাসিক ধাৰণাই আজিও সামাজিক মানসিকতাত প্ৰভাৱ পেলাইছে আৰু সংবিধানিক অধিকাৰৰ বাস্তৱ ৰূপায়ণক সীমিত কৰিছে ।

ফেমিনিষ্ট জুৰিসপ্ৰুডেন্স এই ক্ষেত্ৰত আইনৰ পুনৰ্ব্যাখ্যা আৰু সামাজিক প্ৰসংগীকৰণৰ প্ৰয়োজনীয়তা উল্লেখ কৰে । কেবল আইন প্ৰণয়ন যথেষ্ট নহয়; আইন কেনেদৰে প্ৰয়োগ কৰা হৈছে, কাক সুৰক্ষা দিছে আৰু কাক নীৰৱ কৰি ৰাখিছে—এই প্ৰশ্নসমূহ সমান গুৰুত্বপূৰ্ণ । নাৰী–অধিকাৰ সম্পৰ্কীয় বহু আইন থকাৰ পাছতো যৌন হিংসা, গৃহস্থালি হিংসা আৰু কৰ্মক্ষেত্ৰত বৈষম্য অব্যাহত থকাটো এই কথাৰেই সাক্ষ্য যে আইনী ব্যৱস্থা সামাজিক মানসিকতা সলনি নকৰিলে সীমাবদ্ধ হৈ থাকে ।

ইয়াতেই postcolonial feminismৰ এক গুৰুত্বপূৰ্ণ অৱদান লক্ষ্যণীয় । এই তত্ত্বই নাৰী–অধিকাৰক কেৱল পশ্চিমীয়া মুক্তিৰ মডেলৰ দৃষ্টিৰে নাচায় স্থানীয় সামাজিক বাস্তৱতাৰ সৈতে সংলাপত আনিবলৈ কয় । গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাকে উত্থাপন কৰা “Can the Subaltern Speak?” প্ৰশ্নটো এই প্ৰসংগত বিশেষ তাৎপৰ্যপূৰ্ণ (Spivak, 1988) । ভাৰতীয় সমাজত বহু নাৰী—বিশেষকৈ দলিত, আদিবাসী আৰু প্ৰান্তিক শ্ৰেণীৰ—আজিও সংবিধানিক ভাষাত নিজৰ কথা ক’ব পৰা অৱস্থাত নাই । সেয়েহে নাৰী–অধিকাৰৰ আলোচনাত যদি এই বহুস্তৰীয় বাস্তৱতাক অন্তৰ্ভুক্ত নকৰে, তেন্তে ই আংশিক আৰু এলিট-কেন্দ্ৰিক হৈ পৰে ।

সামগ্ৰিকভাৱে চাবলৈ গ’লে, সংবিধানত নাৰী–অধিকাৰৰ উপস্থিতি এক গুৰুত্বপূৰ্ণ ঐতিহাসিক অগ্ৰগতি যদিও, তাৰ সামাজিক বাস্তৱায়ণ এক অবিৰত সংগ্ৰাম । ফেমিনিষ্ট জুৰিসপ্ৰুডেন্স আৰু postcolonial feminism এই দুয়ো দৃষ্টিকোণেই এই কথাটো স্পষ্ট কৰে যে আইনী সমতা আৰু সামাজিক ন্যায় একে বস্তু নহয় । সংবিধান আমাক ন্যায়ৰ এক কাঠামো প্ৰদান কৰে, কিন্তু সেই কাঠামোক জীৱন্ত কৰি তুলিবলৈ সামাজিক সচেতনতা, সাংস্কৃতিক ৰূপান্তৰ আৰু ক্ষমতা-সম্পৰ্কৰ পুনৰ্গঠন অত্যাৱশ্যক ।

এই দৃষ্টিত নাৰী–অধিকাৰৰ প্ৰশ্ন কেৱল নাৰীসকলৰ অধিকাৰ-সংগ্ৰাম নহয়; ই ভাৰতীয় গণতন্ত্ৰৰ নৈতিক গভীৰতা আৰু সামাজিক প্ৰগতিৰ পৰিমাপক । যেতিয়ালৈকে সংবিধানৰ ভাষা নাৰীৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ সৈতে সম্পূৰ্ণৰূপে সংলগ্ন নহ’ব, তেতিয়ালৈকে এই বিষয় গৱেষণা, বিতৰ্ক আৰু বৌদ্ধিক অনুসন্ধানৰ এক অনিবাৰ্য ক্ষেত্ৰ হিচাপে বিদ্যমান থাকিব ।