সংবাদ মহীৰূহ পি জি বৰুৱাৰ বিয়োগত মিডিয়া এছ’চিয়েছন, অসমৰ শোক প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাংবাদিক, প্ৰকাশক, সম্পাদক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মিডিয়া এছ’চিয়েছন, অসমে। এক শোক বাৰ্তাত মিড এছ’চিয়েছনৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই দুখ প্ৰকাশ কৰি কয় যে “দ্যা আছাম ট্ৰিবিউন”ৰ সম্পাদক তথা ট্ৰিবিউন কাকত গোষ্ঠীৰ স্বত্বাধিকাৰী প্ৰফুল্ল গোবিন্দ বৰুৱা সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ তিনিজন পুত্ৰৰ ভিতৰত মাজু আছিল। বৰপুত্ৰ তুলসী গোবিন্দ বৰুৱা ইতিমধ্যে মৃত্যু হৈছে আৰু সৰুপুত্ৰ প্ৰদীপ বৰুৱা বিশিষ্ট সাংবাদিক তথা প্ৰকাশক৷ ডিব্ৰুগড়ত ১৯৩৩ চনৰ ২৬ জুলাইত জন্ম হোৱা বৰুৱা বাৰ্ধক্যজনিত কাৰণত ৯৬ বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ কলকাতাত অধ্যয়ন কৰা বৰুৱাদেৱে এম এ, এল এল বি উত্তীৰ্ণ হৈ দেউতাক ৰাধাগোবিন্দ বৰুৱাৰ নিৰ্দেশত আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ উত্তৰণৰ কামত নিজকে নিয়োজিত কৰে৷ বৰুৱাৰ মৃত্যুত অসমৰ সংবাদ জগতৰ এটা যুগৰ অৱসান ঘটিল আৰু ৰাজ্যখনৰ অপূৰণীয় ক্ষতি হ’ল৷ মিডিয়া এছ’চিয়েছনে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
