আৰক্ষীৰে হোৱা সংঘৰ্ষত কোকৰাঝাৰৰ ৰে’লপথ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড নিহত

আৰক্ষীৰে হোৱা সংঘৰ্ষত কোকৰাঝাৰৰ ৰে’লপথ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰত আৰক্ষীৰ অভিযানত কোকৰাঝাৰৰ ৰে’লপথ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড নিহত। কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নাদাংগিৰি পাহাৰত  অসম আৰক্ষীৰে হোৱা এক সংঘর্ষত থিতাতে নিহত হয় নেচনেল চাওতাল লিবাৰেচন আর্মী চমুকৈ নাছলাৰ সেনাধ্যক্ষ ইপিল মুর্মু ওৰফে ৰোহিত মূর্মু। ইপিল মূর্মু ওৰফে ৰোহিত মূর্মুক কোকৰাঝাৰ শিঙিমাৰী ৰে’লপথত বোমা বিস্ফোৰণৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছিল। নিহত ইপিল মুর্মু মাওবাদীৰে সুসম্পর্ক ৰক্ষা কৰি চলিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল, এটা মেগজিন, এটা গ্রেনেড, ভোটাৰ আইডি, আধাৰকাৰ্ড, কম্বল আৰু আন কিছুমান আপত্তিজনক সামগ্রী জব্দ কৰিছে। লক্ষণীয় যে আৰক্ষীৰ গুলীত নিহত হোৱা নেচনেল চাওতাল লিবাৰেচন আর্মী চমুকৈ নাছলাৰ সেনাধ্যক্ষ ইপিল মূর্মু ওৰফে ৰোহিত মূর্ষু অসম আৰু ঝাৰখণ্ড উভয় ৰাজ্যৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ২৩ অক্টোবৰৰ মাজনিশা কোকৰাঝাৰ শিঙিমাৰীৰ ৰে’লপথত এক আইইডি বিস্ফোৰণ সংঘটিত হৈছিল। সৌভাগ্যক্রমে উক্ত বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাছিল যদিও ৰে’লপথ ছিঙি টুকুৰা-টুকুৰ হোৱাৰ লগতে বিদ্যুৎ পৰিবাহী লাইনপর্যন্ত ছিঙি গৈছিল। কোকৰাঝাৰ আৰক্ষীয়ে ঘটনাৰ পিছৰ পৰাই জোৰদাৰ তদন্ত আৰম্ভ কৰে। কুটাঘাতকাৰীৰ দল এটাই পুনৰ কুটাঘাতৰ উদ্দেশ্যে নাদাংগিৰি পাহাৰত বাহৰ পতা বুলি আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰে। উগ্রবাদীৰ সন্ধানত নাদাংগিৰি পাহাৰত চলা আৰক্ষীৰ অভিযানতে কোকৰাঝাৰৰ ৰে’লপথত বোমা বিস্ফোৰণৰ স’তে জড়িত ৪০ বছৰীয়া ইপিল মুর্মু ওৰফে ৰোহিত মূর্মু  আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। আঘাতপ্রাপ্ত ইপিল মুর্মুক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত লৈ অহা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইপিনে এনকাউণ্টাৰৰ পিছতে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদ মেল সম্বোধন কৰে কোকৰাঝাৰ আৰক্ষীয়ে। অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাৰ উপস্থিতিত সংবাদ মেলত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে এক বিশেষ সূত্র অনুসৰি নাদাংগিৰি পাহাৰত এটা কুটাঘাতকাৰীৰ কুটাঘাতৰ বাবে বাহৰ পতাৰ তথ্য লাভ কৰি কালি নিশাই অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক সমন্বিতে আৰক্ষীৰ এটা দল নাদাংগিৰি পাহাৰত উপস্থিত হয়। পুৱা আৰক্ষীৰ দলটোৱে পাহাৰত অভিযান আৰম্ভ কৰোঁতেই বিপৰীত পক্ষৰ পৰা আৰক্ষীলৈ বুলি গুলীচালনা আৰম্ভ কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত কুটাঘাতকাৰীৰ দলটো ছত্রভংগ দিয়ে। পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এজন গুলীবিদ্ধ যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ দ্বাৰা গুলীবিদ্ধ যুৱকজনক নাছলাৰ নেতা ইপিল মূর্মু ওৰফে ৰোহিত মূর্মু বুলি চিনাক্ত কৰে। সংবাদ মেলত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সদৰী কৰা মতে নিহত ইপিল মুর্মু ওৰফে ৰোহিত মূর্মু ইয়াৰ পূৰ্বে ঝাৰখণ্ডতো বোমা বিস্ফোৰণৰ স’তে জড়িত আছিল। যোৱা বছৰৰ অক্টোবৰ মাহত ঝাৰখণ্ডৰ চাহেবগঞ্জ ৰে’লপথত বোমা বিস্ফোৰণ কৰি ইপিল মূর্মু অসমলৈ পলাই আহিছিল। তেওঁক বিচাৰি ঝাৰখণ্ডৰ আৰক্ষী অসমলৈ আহিছিল বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। ২০১৫ চনৰ পৰা ঝাৰখণ্ডত ৰোহিত ওৰফে ইপিল মূর্মুৱে বোমা বিস্ফোৰণ, অপহৰণ আদিৰ দৰে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিছিল আৰু প্ৰায় ১০ বছৰ তেওঁ ঝাৰখণ্ডত থাকি অলপতে অসমলৈ আহিছিল বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। তদুপৰি পূৰ্বতে ইপিল মুর্মুৱে নাছলা নামৰ উগ্রবাদী সংগঠনৰ সদস্য আছিল যদিও নাছলাই আত্মসমর্পণ কৰাত তেওঁ আত্মসমর্পণ নকৰি ঝাৰখণ্ডলৈ পলাই গৈছিল আৰু তাতে নাছলা গোট খুলি কমাণ্ডাৰ হৈছিল। ইয়াৰ পিছতে তেওঁ মাওবাদীৰে সম্পৰ্ক গঢ়ি তুলিছিল আৰু কুটাঘাতমূলক কার্যত জড়িত হৈ পৰে। ঝাৰখণ্ডৰ পৰা অসমত আহি পুনৰ কূটাঘাতমূলক কার্যত জড়িত হৈ পৰে। ইয়াৰ পূৰ্বে ২০১৪ চনত এপিল মূৰ্মৰ বিৰুদ্ধে কোকৰাঝাৰত মাৰণাস্ত্ৰৰ এক গোচৰ ৰুজু হৈছিল। অৱশেষত নাদাংগিৰি পাহাৰত আৰক্ষীৰে সংঘৰ্ষত নিহত হয় নাছলাৰ সেনাধ্যক্ষ ইপিল মুর্মু ওৰফে ৰোহিত মূর্মু। আৰক্ষীয়ে ইপিল মূর্মু ওৰফে ৰোহিত মূৰ্মৰ স’তে আন কেইবাজনো সদস্য থকাৰ সম্ভেদ লাভ কৰিছে আৰু তেওঁলোকক কৰায়ত্ত কৰাৰ বাবে নাদাংগিৰি পাহাৰত অভিযান অব্যাহত ৰাখিছে।