সংঘৰ্ষত কোনো নাথাকে কিন্তু সফলতাত পিছ পৰি আহে – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Vecteezy
সংঘৰ্ষত কোনো নাথাকে কিন্তু সফলতাত পিছ পৰি আহে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচলতে এই জগতখন দেখিবলৈ যিমানেই সুন্দৰ নহৱক কিয় প্ৰকৃততে এইখন সংসাৰখন সিমানেই জটিল। আৰু এই সংসাৰত জটিলতা সৃষ্টি কৰা প্ৰানীবোৰে হলো আমি। অৰ্থাৎ আমাৰ মাজৰ এচাম মানুহবোৰৰ জৰিয়তে সংসাৰখন ইমান সুন্দৰ হৈ আছে আৰু আনহাতে আমাৰ মাজৰে এচাম মানুহবোৰৰ জৰিয়তে সংসাৰখনৰ জটিলতা দিন প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সংসাৰত অহাৰ পিছত আপোনালোকে হয়তো এটা কথা বৰকৈ লক্ষ্য কৰিবলৈ সক্ষম হৈছে যে, আমি জীৱনত পৰিশ্ৰম কৰি থকা সময়ত অতিকম সংখ্যক মানুহে আহি আমাক আগুৱাই যাবলৈ উৎসাহ ,প্ৰৰণা প্ৰদান কৰাৰ লগতে বহু কম সংখ্যক মানুহে‌ আহি‌ শাৰীৰিক বা আৰ্থিক সাহায্য প্ৰদান কৰা দেখা যায়। কিন্তু আমি যেতিয়া নিজ পৰিশ্ৰমৰ জৰিয়তে লাহে লাহে সফলতা অৰ্জন কৰিবলৈ সক্ষম হওঁ বা এজন সফল ব্যক্তিত্বলৈ ৰূপান্তৰিত হওঁ ঠিক তেতিয়া একেবাৰে অচিনাকী ব্যক্তি সমূহেওঁ আহি আপোনাৰ লগত সম্বন্ধ,সম্পৰ্ক বিচাৰি বিচাৰি ওলিয়াই আপোনাৰ একেবাৰে প্ৰিয় মানু্হৰ শাৰীত পৰিব বিচাৰে। ধৰিললো পৰিয়ালৰ ভিতৰত আপুনি যদি একেবাৰে বহু গৰিব সদস্য হয় তেন্তে পৰিয়ালৰ অন্যান্য সদস্য সমূহে আমাৰ সম্পৰ্কীয় মানুহ হয় বুলি অন্যান্য মানুহবোৰৰ আগত আপোনাৰ চিনাকি দিবলৈও লজ্জিত হৈ পৰে। আৰু যদি কিবা কাৰণ বসত সেই একেবাৰে গৰিব ব্যক্তিজনে নিজৰ পৰিশ্ৰমৰ বলত পৰিয়ালৰ অন্যান্য সদস্য সমূহতকৈ অধিক ওপৰত উঠিবলৈ সক্ষম হয় তেন্তে তেনেধৰণৰ ক্ষেত্ৰত পৰিয়ালৰ সকলোবোৰ সদস্য আপোনাৰ লগতে ঠিয় দিয়াৰ লগে লগে অচিনাকী বাহিৰৰ ব্যক্তিসকলেওঁ আহি আপোনাৰ লগত ঠিয় হ’বলৈ ইচ্ছা প্ৰকাশ কৰে। অৰ্থাৎ সংঘৰ্ষত কোনো নাথাকে কিন্তু সফলতাত পিছ পৰি আহে । মই জানো যে মোৰ ওপৰোক্ত আলোচনাৰ বিষয়বস্তুত কোনো নতুনত্ব বিচাৰি নাপাই। কিয়নো জগতৰ প্ৰত্যেকজন ব্যক্তিয়ে এই সমস্যাৰ জৰিয়তে ভুক্তভোগী নহয়নে ? তথাপিও মই আপোনালোকক এটা কথাই স্পষ্ট ৰূপত কবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ যে,বেয়া দিশত গতি কৰা ব্যক্তিসকলক সৎ পথ প্ৰদৰ্শন কৰাৰ আমাৰ প্ৰধান কৰ্তব্য হোৱাৰ লগে লগে সত্যৰ মাৰ্গৰ জৰিয়তে জীৱন সংগ্ৰামত অবতীৰ্ণ হ’বলৈ ইচ্ছা প্ৰকাশ কৰা প্ৰতিজন ব্যক্তিকে নিজৰ সামৰ্থ অনুযায়ী হাতত হাত ধৰি ওপৰলৈ উঠাই আনাৰো আমাৰে কৰ্তব্য বুলি বিবেচনা কৰিব লাগে। পৰাপক্ষত ক্ষমতাসম্পন্ন ব্যক্তিসকলে সৎ মাৰ্গত গতি কৰা ব্যক্তিসকলক সফলতাৰ পিছত নহয় জীৱন সংঘৰ্ষৰ আৰম্ভণিৰ সময়ত সহায়ৰ হাত আগবঢ়ায় দিয়ক। কাৰণ আমাৰ ৰাষ্ট্ৰ, ৰাজ্য বা আমি বসবাস কৰা সমাজ হুবহু এখনি ফুলনিৰ বাগিচা। যত দুই,এটা ফুল সুন্দৰভাৱে ফুলি উঠি বাকী ফুলবোৰ শুকাই যোৱাটো দেখিবলৈ বেছি ভাল লাগিবনে সকলোবোৰ ৰং বিৰংঙৰ ফুল একেলগে জকমক কৰি ফুলিলে দেখিবলৈ বেছি ভাল লাগিব। এতিয়া আপোনালোকে নিজে নিৰ্ণয় কৰক কেবল সফলতাৰ সময়তে সহযোগ কৰিবলৈ ওলাই আহিব নে এজন মানুহে সংঘৰ্ষ কৰাৰ সময়তো কান্ধত কান্ধ ধৰি  ঠিয় দিবলৈ ইচ্ছা প্ৰকাশ কৰিব।