সংগ্ৰাম – ৰশ্মি ৰেখা দুৱৰা

Pc Life Connections

সংগ্ৰাম

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

উফ্! বৰ বিষ
ভৰিত কিহবাই বিন্ধিলে
ডাক্তৰক দেখুৱালে খৰচহে বাঢ়িব,
হাতত থকা টকাকেইটাৰে
চাউল,দাইল কেইটাই আহিব।

বাৰীখন কাঁইটেৰে ভৰি আছিল
কাঁইটবোৰ শুকান,অসহ্যকৰ বিষ
চকুৰে সহজে নমনি।
বেছিকৈহে বিষাব ধৰিছে দেখোন
পত্নীক ক’লে ডাক্তৰৰ কথা ক’ব।

এদিন হাজিৰা নকৰিলে ঘৰ নচলে
দিনটোৰ হাজিৰা কোনে দিব
বিষত বিচনাত পৰি থাকিলে
হাতত দুপইছা গুজি দিয়াজন ওলাবনে?

ডাঙৰকেইজনে এদিন
লঘোণে থাকিবও পাৰি
সৰু মাইনা লৈহে বেয়া লাগে,
মুখত হাঁহি এটি আঁকি ল’লে
মাজনীক মৰম লাগে
মাজনীৰ পৰাই লুকুৱাই ৰাখোঁ
মোৰ সমস্ত দুখ।