অণুগল্প
সংগ্ৰাম
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
বিকিয়ে কামৰ ঠাইত ভাতকেইটা খায় থাকোঁতে দেউতাকৰ মুখখনে চকুত ভাহি থাকে। কেতিয়াবা চকুৰে লোতক বৈ আহে।
: অ’ বৌ, আজি মই ভাত নাখাওঁ।মোৰ ভাতকেইটা বান্ধি দিয়ক।
: কিয়?
: দেউতা আৰু মই একেলগে খাম।
: আজি চব্জি কমকৈ আছে,ইয়াতেই খায় যোৱা।দুজনলৈ কম হ’ব।
: কম হ’লে মোৰ ভাগটোৱে বান্ধি দিয়ক,মই নাখালেও হ’ব।দেউতাকে দিমগৈ।
সদায় কাজিয়া।পুৱাৰে পৰা ৰাতিলৈ মাক-বাপেকৰ কাজিয়া দেখি দেখি বিকি অতিষ্ঠ হৈ গৈছে।
গৰমৰ বন্ধত ফুৰিবলৈ সময় নাই।জীৱন সংগ্ৰামৰ সৈতে যুঁজিছে। য’ত যি কাম পাইছে কৰি গৈছে। চকুৰে নেদেখা দেউতাকৰ দায়িত্ব বিকিয়ে ভালদৰেই পালন কৰিছে।মাকে যে দেউতাকক ঘৰৰ পৰাই উলিয়াই পঠাইছে।ভাত দিয়া দূৰৰে কথা।