সংগ্ৰাম
লখিমী শৰ্মা , যোৰহাট
সৰুতে ঘাটমাওৰা হোৱা পাল্কীয়ে আজি বুজি উঠিছে যে , জীৱনটো কিমান কষ্টকৰ হয় অকলেই সকলোবোৰ চম্ভালিবৰ কাৰণে । তথাপিও তাই কোনো কামতে হাৰ মনা বিধৰ ছোৱালী নাছিল । তাইৰ গাত বহুত ধৈৰ্য্য , সহ্য , বুদ্ধি , আদি বোৰ বাৰুকৈয়ে আছিল ! বৰ্তমান তাই এতিয়া খুৰাক খুৰীয়েকৰ লগতে থাকে খুৰাকে চাকৰিলৈ বুলি ওলাই যায় দিনত , আৰু খুৰীয়েকেয়ো পাৰ্লাৰৰ দোকানলৈ ঢাপলি মেলে পুৱাই পুৱাই ঘৰখনৰ সমস্ত দায়িত্ব পাল্কীৰ ওপৰত দি থৈ । তাই ঘৰখনত সকলো কাম – বন কৰি আজৰি হৈ কলেজলৈ যায় কিবা এটা খাই ! তাই বি. এ পঢ়ি আছে । কলেজৰ পৰা আহি দুপৰীয়াৰ ভাত সাজ ৰান্ধি আকৌ ঘৰৰ কামত ব্যস্ত হৈ পৰে । গধূলি খুৰাক , খুৰীয়েক ঘৰলৈ আহি মুখ – হাত ধুই সকলোৱে মিলি চাহ খাই উঠি খুৰীয়েকে তাইক উদ্দেশ্যি কয়, পাল্কী তই অলপ জিৰাই ল ! মই ভাত বনাব যাওঁ ।পঢ়া – শুনাৰ মাজতো তই ঘৰৰ সমস্ত কাম – বন কৰি নিজকে ব্যস্ত ৰাখি সকলোবোৰ সুচাৰুৰূপে নিতৌ কৰি থকা দেখি মোৰ অন্তৰখনত বহুত দুখ পাওঁ অ মাজনী ।পাল্কীয়ে বেজাৰ মনেৰে ক’বলৈ ধৰে — অ খুৰী মা , দেউতা ঢুকোৱা আজি প্ৰায় ৪ বছৰ হ’বৰ হ’ল তথাপিও তোমালোক দুয়োয়ে মোক কাহানিও বেয়াকৈ কোৱা নাই , বা মোৰ ওপৰত অত্যাচাৰয়ো চলোৱা নাই । মোক ইমান মৰমত ৰাখিছা , তোমালোকৰ নিজৰ সন্তানৰ দৰে ! তেনেস্থলত মই তোমালোকৰ বাবে এইখিনি কৰাটো তেনেই নগণ্য মোৰ দৃষ্টিত । তোমালোকৰ মৰম আৰু আশীৰ্বাদৰ কৃপাত আজি মই এইটো পৰ্যায়ত উপনীত হ’ব পাৰিছোঁ।মোৰ দৃঢ় বিশ্বাস আছে যে , তোমালোক দুয়োয়ে মোক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব নিদিয়া । সৰুতেই ভগৱানে মোৰ পৰা মা দেউতাক কাঢ়ি লৈ গ’ল । এতিয়া মোৰ এনে লাগে যেন মা দেউতাৰ ৰূপত তোমালোক দুয়োক ঘূৰাই পাইছোঁ । খুৰী , তুমি মোক লৈ কেতিয়াও দুখ নকৰিবা ! মই যেনেকৈ ইয়াত আছোঁ ভালকৈ আছোঁ , সুখত আছোঁ । এতিয়া তুমি যোৱা ভাত ৰান্ধাগৈ , কান্দিব নালাগে মোৰ মৰমৰ খুৰীজনী । আন এদিনৰ কথা , আন দিনাৰ দৰেই দুয়ো কামলৈ ওলাই গ’ল । পাল্কীয়েও ঘৰৰ কাম – বন কৰি ভাত কেইটামান খাই কলেজলৈ বুলি ওলাল । আহি পাই ভাত – পানী বনাই কিছুপৰ জিৰালে । গধূলি হ’বৰ হ’ল তাইৰ খুৰাক আৰু খুৰীয়েক ঘৰ আহি পোৱাহি নাই । তাই বৰ চিন্তিত হ’ল ! বহুত ভয় খাইছে , কি বা হ’ল আজি ইমান দেৰি হ’ল খুৰা খুৰীছোন ঘৰ পোৱাহিয়েই নাই । কথাটো কি !! খন্তেক কিছু সময় যোৱাৰ পিছত ঘৰৰ টেলিফোনলৈ এটা ফ’নকল আহিল । ফ’নকলটোত ক’লে যে , তাইৰ খুৰাক আৰু খুৰীয়েক আৰু এই পৃথিৱীত নাই । দুয়োৰে মৃত্যুৰ খবৰটো শুনি তাই মাটিত ঢলি পৰিল । তাই কথাটো মানি ল’বই পৰা নাই । এইটো কেনেকৈ সম্ভৱ ।তাই চিঞৰি চিঞৰি কান্দি উঠিল ! আৰু ক’লে , এইয়া কি কৰিলা তুমি ভগৱান ! সৰু থাকোঁতেই মা , দেউতাক মোৰ পৰা কাঢ়ি নিলা ! আৰু এতিয়া খুৰা , খুৰীকো মোৰ পৰা আঁতৰ কৰি লৈ গ’লা । কিয় প্ৰভু , কিয় !!!!