সংগ্ৰাম একুৰা জুই
অনন্ত কুমাৰ ভূঞা
সংগ্ৰাম একুৰা জুই
জীয়াই থকাৰ এখনি যুঁজ
মুক্ত স্বত্ব দাবীৰ মহাৰণ ,
সংগ্ৰাম চলি আহিছে অবিৰাম
পাতনি আৰম্ভ হয় তৰ্ক বিতৰ্কৰে ,
সংগ্ৰামৰ ইতিহাস দীঘলীয়া
অন্ন বস্ত্ৰ বাসস্থানৰ ৰণক্ষেত্ৰ
বিভেদ নিতীৰ বিৰুদ্ধে এক কুৰুক্ষেত্ৰ
মৰ্যাদা বিচৰা এক যুদ্ধক্ষেত্ৰ ।
সংগ্ৰামৰ আদিপাঠ আওৰাই
সংগ্ৰামী চেতনা জগাই তোলে
দাবী চনদ যুগুতাই ,
অহিংসা মন্ত্ৰৰে সংগ্ৰাম আগুৱাই ।
সংগ্ৰাম একুৰা জুই,
অলক্ষিতে হিংসাৰ ফিৰিঙতি উফৰে
কলংকিত কৰে অহিংস পথ ,
শেলাই পৰি পিচলে
বাদ বিসম্বাদত মামৰ ধৰে ।
এহাতে লিখে বিপ্লৱী গীত
ব্ৰজমুঠিৰ দৃঢ়তা আনটো হাত ,
তুঁহ জুইৰ দৰে
বিদ্ৰোহৰ অগনি উমি উমি জ্বলে ।
বৈপ্লৱিক মন্ত্ৰেৰে জাতিক জগায়
স্ব-অধিকাৰে জাতিক সজায় ,
তেজোদীপ্ত ভাষণৰ অগ্নি বৰষে
বিপ্লৱৰ ৰণশিঙা বাজে ।
যুক্তি তৰ্কত ত্ৰস্তমান
সংগ্ৰামৰ শ্লগানেৰে উখল-মাখল ,
অবিৰাম গতিত চলে প্ৰস্তুতি যুঁজৰ ।
সংগ্ৰাম একুৰা জুই
বিক্ষুব্ধ ক্ষুব্ধ ক্ষুণ্ণ জনতাই
ৰাজপথ কৰে অৱৰোধ ,
ৰাজহুৱা সম্পত্তি কৰে চুৰমাৰ
ধ্বংসৰ গ্ৰাসত নিতাল পৰিবেশ।
সমদল বাহিৰ হয়
যানজঁটে বেমেজালি ঘটায় ,
সংগ্ৰামৰ হাথিয়াৰ শব্দ হুঁচিয়াৰ হুঁচিয়াৰ।
সৰ্বদিশত বলে উত্তপ্ত বতাহ
নেতৃত্ব কাৰাৰুদ্ধ হলে
সংগ্ৰাম ছেদেলি-ভেদেলি হয়,
আত্মসমৰ্পণৰ লক্ষণ নাই ।
ভীষণ ক্ৰোধ
তীব্ৰ বিৰোধ সত্বেও
মৰণ পণেৰে সংগ্ৰাম আগুৱাই ,
আঁকোৰগোঁজ ৰজাঘৰ ,
সমাধান সুত্ৰৰ জটিল চৰ্ত জাপি
নিস্ফল কৰিব বিচাৰে মহাৰণ
কূটকৌশলেৰে স্তিমিত কৰে সংগ্ৰাম ।
ব্যৰ্থ আলোচনাই সময় নষ্ট কৰে
স্বত্ব বিচাৰি ,
অধিকাৰ বিচাৰি ,
সংযম হেৰুৱাই জনতাই,
সোলোক-ঢোলোক প্ৰস্তাৱ ,
দুৰ্বল যেন দেখিলে খোঁচাবিন্ধা কৰে
বিনাচৰ্তে আত্মসমৰ্পণ নকৰে
সংগ্ৰামী পথত অটল অবিচল জনতা ।
ৰজা প্ৰজাৰ চৌখিন সহাৰিত
মহাসংগ্ৰামৰ ইতিবাচক সমাপ্তি বিচাৰোঁ ।