সংগ্ৰাম – আয়শা ছিদ্দিকা

সংগ্ৰাম

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

জীৱনত কেতিয়াবা কিছুমান বেদনা এনে হয়, যাক শব্দৰে প্ৰকাশ কৰাটো বৰ কঠিন। উচ্চ শিক্ষিত হৈও নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰা কি যে কষ্ট সেইয়া এজন সাধাৰন পৰিয়ালৰ সন্তানেই বুজিব। আৰু বৰ্তমানৰ চাকৰিৰ বাবে মেধাক প্ৰাধান্য নিদিয়াৰ যি ব্যবস্থা কৰিছে এই ব্যবস্থায় আৰু জুৰুলা কৰিছে দুখীয়া পৰিয়াৰ মেধাসম্পন্ন যুৱকক।

কথাবোৰ মৃণালে ভাবি আছিল। তেঁও এজন সাধাৰণ গাঁওলীয়া ল’ৰা। জীৱনৰ আৰম্ভণিত আনন্দ, আশা আৰু আগ্ৰহেৰে ভৰপূৰ আছিল। দেউতাক আছিল খেতিয়ক, কঠোৰ পৰিশ্ৰম কৰা, কিন্তু মুখত সদায় হাঁহি লাগি থকা এজন মানুহ। তেঁওলোকৰ ঘৰটো সৰু   যদিও ভালপোৱা আৰু স্নেহৰ অভাৱ নাই।

কথাত আছে নহয় ভাগ্যৰ লিখন নাযায় খণ্ডন। নিজৰ ভাগ্যৰ লগত কোনে বাৰু যুঁজিব পাৰে কাৰ ইমান দু:সাহস।

 হঠাৎ এদিন মৃণালৰ দেউতাকে আচৰিতভাৱে অসুস্থ হৈ পৰে। দৌৰা দৌৰি কৈ হাস্পাতাললৈ লৈ গ’ল। দীৰ্ঘএক সময় বেমাৰৰ লগত যুদ্ধ কৰি শেষত দেহ মন ক্লান্ত হৈ নিথৰ হৈ পৰিল। মৃণাল পিতৃহীন হৈ পৰাৰ লগে লগেই সংসাৰৰ সকলো দায়িত্ব তেওঁৰ ওপৰত আহিল। মাকৰ সাহসৰ সেই পুক্ত লাখুটি এতিয়া ভাঙি বিচুৰ্ণ হৈ বুকুত ঠাই পালে এক অসহ্য যন্ত্ৰণাই।

নতুনকৈ আৰম্ভ হ’ল এক  জীৱন যুদ্ধৰ। য’ত সাহসৰ ভৰ হিচাপে থকা স্থান শূণ্য। ভৰষা কৰিবলৈ কোনো এজন উপলব্ধ নাই। কোনোৱে পিঠি থপ থপাই নকয় তুমি পাৰিবা তুমি পাৰিবা তুমি নিশ্চয় পাৰিবা। পথ প্ৰদৰ্শক ৰূপে থিয় নিদিয়ে য’ত কোনেও। জীৱন যুদ্ধৰ কৌশল শিকাই দিবলৈও নাই কোনো। ভোকাতুৰ সমাজ আৰু  মূৰ্ত পৰিস্থিতিৰ লগত নিজে অকলেই যুঁজিব লাগিব নিজৰ বাবে আৰু অসহসায় মাকজনীৰ বাবে।

তীক্ষ্ণ বুদ্ধি সম্পন্ন মৃণাল শিক্ষা শেষ কৰিলে ভৱিষ্যত গঢ়াৰ সপোন বুকুত বান্ধিছিল। কিন্তু কৰ্মসংস্থাপনৰ পথ সহজ নহ’ল। কিমান বাচনি পৰীক্ষা কিমান কি কিন্তু ফলাফল শূণ্য। এনেকুৱা নহয় যে বাচনি পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাই । কিন্তু দেশৰ শৈক্ষিক ব্যবস্থাই এনেকুৱা য’ত যোগ্যতা ভৰপূৰ থাকিলেও জাতিয়ে আগত স্থান পাব। সেয়ে প্রত্যাখ্যান। মাজে মাজে এনেকুৱা লাগে যোগ্যতাত কৈ জাতি এটা গুৰুত্বও পূৰ্ণ কেনেকৈ হ’ব পাৰে..? অযোগ্য ব্যক্তিয়ে দেশৰ হকে কাম কৰিব পাৰিব জানো।

মৃণাল মাকৰ  কাষত বহিল অলপ সাহস গোটাবলৈ। আৰু তেতিয়া মাকে তেওঁৰ অবস্থা বুজি হাঁহি হাঁহি ক’লে

: তই বৰ সাহসী ও বোপাই।তই দেউতাৰ দৰে সাহসী নহ’লে সংসাৰটো গোটাই ৰাখিব নোৱাৰিলোঁহেতেন।

: সাহসী হ’ব লাগে মা। নহ’লে যে এই প্ৰৱল ধুমুহাই উভালি পেলাব।

: এতিয়া সংসাৰ এটা পাতি ল।

: ভাল কৰ্মসংস্থাপন এটাও নাই এতিয়াই এইবোৰ চিন্তা নকৰোঁ দিয়া।

: খেতিৰ মাটি আছে অলপ তাতেই কিবা কিবি খেতি কৰি জীৱনটো কটাব পাৰিবি। চাকৰীৰ পিছে পিছে আৰু কিমান দৌৰি থাকিবি আমাৰ দুখীয়াৰ কপালত জানো চাকৰীৰ সুখ লিখা আছে…?

: লিখা আছে নে নাই নাজানো কিন্তু চেষ্টাখিনি কৰিব পাৰোঁ।

: যি ভাল বুজ্ কৰ্।

সেইদিনা মৃণালৰ মনটো বেয়া আছিল । কিয় জানো দেউতাৰালৈ বৰকৈ মনত পৰি আছিল। বুকু উজাৰি কন্দিব নোৱাৰে তেঁও কাৰণ আমাৰ সমাজত সৰুৰে পৰা এইটো শিকোৱা হয় বুজোৱা হয় ল’ৰা মানুহে কান্দিব নালাগে। তেওঁৰ  ওচৰত লগৰ এজন অহিল । আৰু ক’লে

 : তই ঘৰতে এনেই আছা নেকি…?

 : উম।

: ব্যক্তিগত বিদ্যালয় এটা আছে কাম কৰিবি নেকি…?

: কৰিব পাৰিম। এনেই বহি আছোঁ ঘৰত কিবা এটা কাম পালে ভালেই হয়।

: আবেদন এটা লিখি দি থৈ আহিবি।

কিছুদিন পিছত তেওঁক নিযুক্তি দিলে বিদ্যালয়ত। আৰম্ভ হ’ল আন এক নতুন জীৱন। সৰু সৰু ল’ৰা ছোৱালীৰ লগত দিনটো খুব সুন্দৰ বাবেই পাৰ হৈ যায়

দুশ্চিন্তা আছে যদিও সেইয়া মনটোক সিমান এটা আক্ৰমণ কৰিব নোৱাৰে।

শিক্ষক হিচাপে প্ৰথম দিনটো আজিও তেওঁৰ মনত আছে। ছাত্ৰ-ছাত্ৰীৰ উন্মুখ মুখ, হেজাৰ প্ৰশ্ন, আশাৰ সেই কৰুণ দৃষ্টি তেঁও কেতিয়াও পাহৰিব নোৱাৰিব। কম সময়তে সকলোৰে লগত এক মধুৰ সম্পৰ্কৰ স্থাপন কৰি পেলাইছিল তেওঁ । কাৰণ তেঁও যে মৃদুভাষী আৰু ওঁঠৰ কোণত হাঁহিটো যেন সদায় জিলিকি থাকে।

মুহূর্তবোৰেই তেওঁক সান্ত্বনা দিয়ে। প্ৰেৰণা দিয়ে আগন্তুক খোজ পেলাবলৈ। নিজস্ব দুখৰ মাজতো, এই শিশু-মুখবোৰেই যেন মৃণালৰ সাহস।  লাহে লাহে বয়স বাঢ়িছে ঘৰৰ পৰা, সমাজৰ পৰা একে কথা বিয়া কৰ, ইমান দিন বিয়া নকৰিলে ভাল নহয়।

পৰিয়াল আৰু সমাজক কোনে বুজাব যে বিয়া মানে মাথোঁ সুখ নহয়, ই এক দায়িত্ব। আৰু মৃণাল সেই দায়িত্ব ল’বলৈ এতিয়াও মানসিক বাবে প্ৰস্তত নহয়। এতিয়াও কেতিয়াবা ৰাতি বিছনাত পৰি গোপনে কোনেও নজনাকৈ নুবুজাকৈ শিতানৰ গাৰু তিয়াই।

বাহিৰে মুখত স্নিগ্ধ হাঁহি বজাই ৰাখিলেও অন্তৰত এক উষ্ণ বেদনা কঢ়িয়াই ফুৰে তেওঁ। আৰু মাজে মাজে ভাৱে আজি দেউতাৰাই থাকিলে, হয়তো সকলো অলপ সহজ হ’লহেতেন জীৱনৰ এই কঠিন পথ।

বিদ্যালয়ত হাঁহি ধেমালি কৰি পাৰ কৰিলেও মনত লুকাই থকা বেদনা,যন্ত্ৰণা, কষ্ট মাকৰ হাঁহি আৰু হাঁহিত যেন সকলো বিলীন হয়। অলপ সাহস পাই মৃণালে। নিজৰ বুকুত বহন কৰে দেউতাকৰ সপোন দায়িত্ব।

ছাত্ৰ-ছাত্ৰীৰ ভালপোৱা, মাকৰ আশীৰ্বাদ,এইবোৰে যেন তেওঁক জীৱনৰ প্রৱল ধুমুহাটো থিয় হৈ থকাৰ প্ৰেৰণা যোগায়।

  গভীৰ ৰাতি তেঁও নিজৰ ডায়েৰীত লিখে:

মোৰ জীৱনৰ গল্প বৰ জটিল, য’ত আশা আৰু বেদনা একে সময়তে অস্তিত্ব ৰাখিছে। মই বিশ্বাস কৰোঁ নিজৰ পৰিশ্ৰমৰে, শিক্ষাৰে, সহানুভূতিক মনৰে মই জীৱনত কঠিনতকৈও কঠিন পথ পাৰ কৰি যাব পাৰিম।

মই জানো এই জীৱন যুদ্ধ সহজ নহ’ব মোৰ বাবে। কিন্তু মই এই যুদ্ধ যুঁজি যাম মাথোঁ নিজৰ বাবে নহয়,বৰং সেই সকলো পিতৃহীন যুৱকৰ বাবে, যিসকলে হৃদয়ত সাহস ৰাখি আগবাঢ়ি যাবলৈ শিকে কোনো সহায় নোলোৱাকৈ।

মই সমাজক দেখুৱাই দিম পিতৃ নথকা সন্তান কেতিয়াও বেয়া নহয়, অসফল নহয়,নিজে কষ্ট কৰি পৰিশ্ৰম কৰি জীৱনক সুন্দৰ এটা সময় উপহাৰ দিব পাৰে। মই দেখুৱাই দিম সেই সকল লোকক যিসকলে পিতৃ নথকা বুলি অবহেলা কৰিছে ক্ষতি কৰিবলৈ দ্বিতীয় বাৰ চিন্তা কৰা নাই…

হয় মই পিতৃহীন কিন্তু পৰিশ্ৰমী মই কাৰো ওচৰত হাত পাতি একো লোৱা নাই , মোক সহায় লাগে বুলি কাকো মতা নাই… মোৰ আত্মসম্মান আছে….

মোৰ আত্মসম্মান আছে…..