সংগ্ৰামৰ পথেই সফলতাৰ দিশচিনাকি – ভাস্কৰ প্ৰিয়ম হাজৰিকা

সংগ্ৰামৰ পথেই সফলতাৰ দিশচিনাকি

ভাস্কৰ প্ৰিয়ম হাজৰিকা,
কৰচুং সত্ৰ,নগাঁও

সংগ্ৰাম হৈছে সফলতাৰ মূল চালিকাশক্তি। সংগ্ৰামৰ অবিহনে সফলতা কেতিয়াও লাভ কৰিব নোৱাৰি। যেতিয়া জীৱনৰ পথত অধিক সমস্যাই দেখা দিয়ে, তেতিয়া সংগ্ৰামৰ যুদ্ধটোও অধিক কঠোৰ হৈ পৰে। এই যুঁজত কিছুমানে হাৰি যাব খোজে, আৰু কিছুমানে আগুৱাই যাবলৈ নিৰন্তৰ চেষ্টা চলাই যায়।
যদি আপোনাৰ যাত্ৰাৰ পথত বাধাবোৰ বেছি দেখা দিছে, গম পাব সফলতা আপোনাৰ একেবাৰে ওচৰত আছে, নহয় আপুনি সঠিক দিশেই আগবাঢ়ি গৈ আছে। জীৱনত আপুনি যিমান কষ্ট আৰু ত্যাগ কৰিব, সফলতাৰ ফলাফলো সেই অনুপাতে অধিক মিঠা হ’ব।
এই পৃথিৱীত প্ৰতিটো বস্তুৰ মূল্য আছে। বিনা কষ্টে একো পাব নোৱাৰি। যি কৰিবলৈ মন যায়, সেইটো কৰিবলৈ সংগ্ৰাম কৰা অনিবাৰ্য। সংগ্ৰাম নকৰাকৈ জীৱনত কিবা অৰ্জন কৰা অসম্ভৱ। সংগ্ৰামেই জীৱনক অৰ্থৱান আৰু গৌৰৱময় কৰি তোলে।
যেতিয়া আমাৰ ওচৰৰ গৰাকীয়ে সফলতা লাভ কৰে, আমি সচৰাচৰ হিংসা কৰিবলৈ লাজ নাপাওঁ। কিন্তু আমি ভাবো নে, সেই ব্যক্তিজনে এই সফলতাৰ বাবে কিমান কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু সময় উৎসৰ্গা কৰিছে? হিংসাৰ কোনো মূল্য নাই। সেই সময়খিনি আমি নিজৰ লক্ষ্য পূৰণৰ বাবে ব্যয় কৰিলে, হয়তো আমি নিজেও সফলতাৰ পিঠিত উঠি থাকিলোঁহেঁতেন।
সঁচা কথা এই যে, আপোনাৰ হিংসা বা সমালোচনাই আনৰ সফলতা ৰোধ কৰিব নোৱাৰে বৰং আপোনাৰ নিজৰ যাত্ৰাটো বিঘ্নিত হ’ব। এজন যুঁজাৰু হোৱা, সময়ৰ মূল্য বুজা আৰু নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় থকা এইবোৰেই আপোনাক সফলতাৰ দিশত আগবঢ়াই লৈ যাব।
জীৱনত এনে সংগ্ৰাম কৰক। যি সংগ্ৰামৰ বাবে হাজাৰজনেও আপোনাক সমালোচনা কৰে, কিয়নো “সমালোচনা কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সমালোচিত হ’বলৈ পৰ্যাপ্ত যোগ্যতা লাগে।”
সেয়ে, সময় থাকোঁতেই সংগ্ৰাম আৰম্ভ কৰক। হিংসা আৰু সমালোচনাৰ শৃংখল ভাঙি নিজৰ পথ নিজে নিৰ্মাণ কৰক। সময় কাৰোবাৰ বাবে ৰৈ নাথাকে। আপোনাৰ বাবে ৰ’ব নোৱাৰে। এতিয়া সময় হ’ল যুঁজাৰু হোৱাৰ, সফলতাৰ ওপৰত নিজৰ অধিকাৰ স্থাপন কৰাৰ।