সংগ্ৰামী – মিন্টু গোৱলা

সংগ্ৰামী
মিন্টু গোৱলা, লখিমপুৰ, কদম
অনন্যঐক্য সংগ্ৰামী
 জাতিৰ যুঁজাৰু তুমি !
জাতি জয় গানেৰে
 জাতিক জিনিলা
দিলা ,সংগ্ৰামৰ পথ
নিজৰ জাতিৰ স্বাৰ্থত
 নিজকে দিলা,
 তুমি জীৱন দান
কত সংগ্ৰামৰ ফলত
জাতিক কৰিলা ঐক্যবদ্ধ !
কমজোৰ কামিহাড়
বোৰত শক্তিৰ তেল ঢালি
শক্তিশালী কৰি, সংগ্ৰাম
 পথত সংগ্ৰামী  গঢ়ি তুলিছিলা ।
যুদ্ধৰ যুঁজাৰু হিচাবে
পথ-প্ৰদৰ্শক
জাতীয় সংগ্ৰামৰ সংগ্ৰামী তুমি !
তুমিয়ে এটি জাতি জয় গান