সংগোপনে সেউজীয়া বৰষুণ
ব্যস্ত চহৰখনত আবেলি এটাৰ বুকুত চিপচিপিয়া বৰষুণ জাকে
লুকা-ভাকু খেলিছিল
কৃষ্ণচূড়াৰ পাহি সৰি ৰঙা হৈ থকা পথটোৱে দি মই আগবাঢ়িছিলো।
উফঃ বৰষুণ জাকে মোক চুইছে । মই কিন্তু তিতিছো হৃদয়ৰ পৰাও।
তোমাৰ বেঙুনবুলীয়া চাটটো মোৰ বৰ প্ৰিয়…
সেই ৰাস্তাটোতে বহো অকমান
কবিতা কবিতা লগা
মিঠা আবেলিটো পাৰ কৰোঁ।
তুমি কি ভাল পোৱা
পাহাৰ নে, ৰ’দ নে ,বৰষুণ?
তুমি দুআষাৰ কথা ক’বা
শব্দৰ বৰষুণ ত তিতিম আমি।
কপালত আঁকিবা এটি চুম্বন।
যদি কথাবোৰ দিঠক হয়
শেষত মাথোঁ এটাই প্ৰশ্ন কৰিম
মোৰ সেন্দুৰীয়া আলিটো
তোমাৰ নামেৰে নামাকৰণ কৰিবলৈ দিবানে?
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়