সংগীত শিল্পী অনুপম শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

pc- onmanorama

সংগীত শিল্পী অনুপম শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- চামগুৰিৰ ৰঙাগড়াত যোৱানিশা চাৰিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ।দুৰ্ঘটনাটোত সংগীত শিল্পী অনুপম শইকীয়াসহ আন কেইবাজনো আৰোহী আঘাতপ্ৰাপ্ত।খবৰ অনুসৰি, এখন হুণ্ডাই বাহন লৈ সংগীত শিল্পীগৰাকী যোৰহাট অভিমুখে গৈ আছিল। জানিব পৰা মতে, ৰঙাগড়াত এখন মটৰ চাইকেলে আগেদি পাৰ হৈ যোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ আকস্মিকভাৱে মটৰচাইকেলখন সন্মুখলৈ আহি যোৱাত পিচত আহি থকা ডাম্পাৰখন ৰৈ দিবলগীয়া হয় ৷ কিন্তু ডাম্পাৰৰ পিচতে আহি থকা মেজিক আৰু শিল্পী অনুপম শইকীয়াৰ হোণ্ডাই বাহনখন বেয়াকৈ দুৰ্ঘটনাগ্ৰস্ত হয়৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতেই ঘটনাস্থলীৰ পৰা ডাম্পাৰখনৰ চালকজনে পলায়ন কৰে যদিও ৰাইজে আবদ্ধ কৰি থয় ডাম্পাৰখন । দুৰ্ঘটনাটোৰ ফলত সামান্য পৰিমাণে আহত হৈছে কণ্ঠশিল্পী অনুপম শইকীয়া । চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি শিল্পীগৰাকী ৰাওনা হয় ঘৰ অভিমুখে । ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনকেইখন ।