সংগীত নাটক অকাডেমীৰ সহযোগত “শিক্ষাত পুতলা নাচৰ ভূমিকা” শীৰ্ষক কৰ্মশালা

সংগীত নাটক অকাডেমীৰ সহযোগত “শিক্ষাত পুতলা নাচৰ ভূমিকা” শীৰ্ষক কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- পুতলা নাচ অসমৰ লোক সম্পদ। এই কলা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অতি প্ৰয়োজন। গুৱাহাটীৰ মুকাক পাপেট থিয়েটাৰে অসমৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰ, শিক্ষানুষ্ঠান, সামাজিক ক্ষেত্ৰত পুতলা নাচ পৰিৱেশন আৰু কৰ্মশালা আয়োজন কৰি আহিছে । এইক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক অকাডেমী আৰু অসম চৰকাৰৰ সাংস্কৃতিক প্ৰকল্পৰ পৰা সহযোগিতা পায় আহিছে। ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী আৰু পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয়ৰ সহযোগত “শিক্ষাত পুতলা নাচৰ ভূমিকা” শীৰ্ষক কৰ্মশালা এটি অনুষ্ঠিত হৈ যায়। কৰ্মশালা উদ্ধোধন কৰে পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয়ৰ অধ্যক্ষা ড. গীতাঞ্জলি চৌধুৰীয়ে । শিক্ষাত পুতলা নাচৰ গুৰুত্ব সম্পৰ্কে ভাষণ প্ৰদান কৰে। কৰ্মশালাত সমল ব্যক্তি হিচাপে থাকে অভিনেতা- পুতলা নাচ শিল্পী ৰাকিবুল আহমেদ, অভিনেত্ৰী- পুতলা নাচৰ শিল্পী তৃষ্ণা কলিতা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত তথা অভিনেতা-নৃত্য পৰিচালক- পুতলা নাচৰ শিল্পী প্ৰণৱ জ্যোতি ৰাভা আৰু ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত তথা অভিনেত্ৰী- পুতলা নাচৰ শিল্পী বিনীতা দেৱী। কৰ্মশালাত ছাঁ পুতলা, লাঠী পুতলা আৰু গ্ল’ভ পুতলা প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাত মহাবিদ্যালয় খনৰ প্ৰায় ২৫০ গৰাকী ডি এল এড আৰু বি এড শিক্ষাৰ্থী সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ পিছত শিক্ষাৰ্থী সকলে পুতলা নাচ পৰিৱেশন কৰে। কৰ্মশালা আঁতধৰে মুকাক পাপেট থিয়েটাৰৰ সহকাৰী সাধাৰন সম্পাদিকা তৃষ্ণা কলিতাই।