সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি বঁটা প্ৰসিদ্ধ সংগীতজ্ঞ উমানন্দ দুৱৰাক প্ৰদানৰ সিদ্ধান্ত

সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি বঁটা প্ৰসিদ্ধ সংগীতজ্ঞ উমানন্দ দুৱৰাক প্ৰদানৰ সিদ্ধান্ত

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি, গুৱাহাটীয়ে বিগত বৰ্ষবোৰৰ লেখিয়াকৈ এইবেলিও “সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি বঁটা, ২০২৩” প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । এইবেলি বিশিষ্ট সংস্কৃতিবান ব্যক্তি, প্ৰসিদ্ধ সংগীতজ্ঞ, গৱেষক উমানন্দ দুৱৰাক প্ৰদান কৰা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তী যোগে জনাইছে স্মৃতি ৰক্ষা সমিতিৰ সভাপতি কুমাৰ দীপক দাস, কাৰ্যকৰী সভাপতি অৱনী ৰঞ্জন পাঠক, সম্পাদকদ্বয় কৃপাময় দাস, কবীন দাস, প্ৰচাৰ সম্পাদক দীপক শৰ্মাই । এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান শিৱসাগৰ জিলাৰ আমগুৰিস্থিত “আউনী আটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰাংগণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সংগীত খনিকৰ পুৰুষোত্তম দাস. স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু পুবেৰুণ শিল্পী সমাজৰ আতিথ্যত প্ৰসিদ্ধ সুৰকাৰ, গীতিকাৰ, সংগীতজ্ঞ পুৰুষোত্তম দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি অহা ১৫ নৱেম্বৰত অনুষ্ঠিত হ’ব । ১৯৬৩ চনত চৰাইদেউ জিলাৰ মৰাণহাটৰ শান্তিপুৰত জন্ম গ্ৰহণ কৰা উমানন্দ দুৱৰাই ১৯২৪ চনতে ওলোৱা প্ৰথম অসমীয়া গীতৰ দুখন ৰেকৰ্ডৰ এখন গ্ৰামোফোন ৰেকৰ্ড ( প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কন্ঠত বাণীবদ্ধ হোৱা), ১৯৩৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্ঠত নাটকৰ সংলাপৰ গ্ৰামোফোন ৰেকৰ্ড , বিষ্ণুপ্ৰসাদ ৰাভাৰ কন্ঠত বাণীবদ্ধ হোৱা গীত আৰু নাটকৰ গ্ৰামোফোন ৰেকৰ্ড, ফণী শৰ্মাৰ কন্ঠত নাটকৰ গ্ৰামোফোন গ্ৰামোফোন ৰেকৰ্ড, শিশুশিল্পী ভূপেন হাজৰিকাৰ কন্ঠত (১০ বছৰ বয়সত) বাণীবদ্ধ হোৱা বহু গীত আৰু নাটকৰ সংলাপ, শিৱপ্ৰসাদ ভট্টাচাৰ্য, আনন্দিৰাম দাস, প্ৰতাপ চন্দ্ৰ হাজৰিকা, মিত্ৰদেৱ মহন্ত, গিৰিজা বৰুৱা, প্ৰিয়বালা ৰাভা, চাৰু বৰদলৈ, কমলাকান্ত ভট্টাচাৰ্য আদি লব্দপ্ৰতিষ্ঠিত প্ৰবাদ প্ৰতীম শিল্পীৰ অসমীয়া গীতত কন্ঠ দিয়া ৫ (পাঁচ) হেজাৰতকৈ অধিক গীত আৰু নাটকৰ গ্ৰামোফোন ৰেকৰ্ড গৱেষণা কেন্দ্ৰত চলন্ত অৱস্থাত আছে । তেওঁৰ “গ্ৰামোফোনত বাণীবদ্ধ চিৰযুগমীয়া গীত আৰু স্বৰলিপি”, “গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ আনন্দিৰাম দাসৰ গীত আৰু স্বৰলিপি”, ” শিপা” আদি প্ৰকাশিত গ্ৰন্থ । উল্লেখযোগ্যযে “সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি বঁটা” ২০২১ চনত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাক, ২০২২ চনত বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰীক প্ৰদান কৰা হৈছিল ।