সংগীতৰ ৰাজপুত্র জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে উন্নাভৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- ১৮/১১/২০২৫ তাৰিখে ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি উন্নাভ গ্ৰুপৰ তিনিখনকৈ গ্ৰন্থ গুগল মিটযোগে উন্মোচন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত গীতিকাৰ চৈয়দ ছাদ্দুল্লা আৰু বাঁহীবাদক দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। শাৰদীয় বিশেষ সংখ্যা উন্নাভৰ লগতে দেৰগাঁৱৰ পৰা প্ৰকাশিত জুবিন গাৰ্গ বিশেষ দুখনকৈ কাব্য সংকলন “ধুমুহাৰ সতে মই”, “উভতি চোৱা” উন্মোচন কৰা হয়। ড° নন্দসিং বৰকলা মহাশয়ে উন্নাভ শাৰদীয় বিশেষ সংখ্যা, ছৈয়দ পাৰভিছ হুছেইন আৰু ত্ৰিনয়ন সন্দিকৈ ডাঙৰীয়াই কাব্য সংকলন দুখন উন্মোচন কৰে। ত্ৰাতৃ এপত প্ৰকাশিত ই-আলোচনী কেইখন ত্ৰাতৃ এপত উপলব্ধ হ’ব। অনুষ্ঠানত উন্নাভৰ মুখ্য উপদেষ্টা মৃদুল শৰ্মা,সম্পাদিকা মৃদুস্মিতা শৰ্মা ত্ৰাতৃ এপৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱা,পংকজ সভাপণ্ডিত,আঞ্জুম আৰা হুছেইন, নিৰ্মিতা বৰগোহাঁই,মনিৰূপা মিশ্ৰ, ড° জুৰী গোস্বামী, মিতালী গোস্বামী,প্ৰান্তিকা শৰ্মা, প্ৰণৱ কুমাৰ শৰ্মা,পাৰিজাত বৰুৱা,সৃষ্টি ভৰদ্বাজ,অপূৰ্ব বল্লভ গোস্বামী,অৰুণ কাব্ৰা, লাৱণ্য বৰা, প্ৰণামিকা শৰ্মা, পাপৰি দেৱী,উত্তম লয়িং, প্ৰহেলিকা কৌশিক,চুমি বৰদলৈ ভৰালী,নীলাঞ্জনা বৰুৱা আদি। কল্পনা দেৱীয়ে আঁত ধৰা অনুষ্ঠানটো শেষত “মায়াবীনি” প্ৰাৰ্থনা গীতেৰে সমাপ্ত কৰা হয়। মায়াবীনি গীতত গীটাৰ সংযোজন কৰে প্ৰেৰণা ভৰদ্বাজে। প্ৰায় ৩০গৰাকী সদদ্য উপস্থিত থাকে যদিও নেটৱৰ্কৰ অসুবিধাৰ বাবে বহুকেইগৰাকী গুগল মিটত সংযোগ হ’ব নোৱাৰিলে।
