সংগীতশিল্পী গায়ত্ৰী হাজৰিকাক মৰণোত্তৰভাৱে ‘সংগীত সৰস্বতী’ সন্মান

সোনোৱাল কছাৰী সাহিত্য সভাৰ শপতগ্ৰহণ::সংগীতশিল্পী গায়ত্ৰী হাজৰিকাক মৰণোত্তৰভাৱে ‘সংগীত সৰস্বতী’ সন্মান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সোনোৱাল কছাৰী সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত পূৰ্ণাংগ সমিতিখনে ২৫ মে’ত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে৷ উল্লেখ্য যে পূৰ্বৰ বিদায়ী সভাপতি মোহন সোনোৱালৰ পৌৰোহিত্যত যোৱা ৪ মে’ত ডিব্ৰুগড়ৰ দুলীয়া-দাইনিজান বাইথ’ মন্দিৰ প্ৰেক্ষাগৃহত ৰাজ্যখনৰ সকলো জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে মোহন সোনোৱালক সভাপতি, মৃদুল সোনোৱালক মুখ্য সম্পাদক হিচাপে লৈ উক্ত সমিতিখন গঠিত হৈছিল৷ এই উপলক্ষ্যে  উক্ত সমিতিখনে ডিব্ৰুগড় কছাৰীবাৰীস্থিত সোনোৱাল ভৱনত সভাৰ প্ৰতিষ্ঠাপক সভাপতি, উপদেষ্টা তথা সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোনোৱালৰ পৌৰোহিত্যত অনুুষ্ঠিত সভাত শপতবাক্য পাঠ কৰায় ডিব্ৰুগড় বাইথ’ মন্দিৰৰ বাইথ’ গুৰু শংকৰ বাগলাৰীয়ে৷ প্ৰথমে সভাপতি মোহন সোনোৱালে শপতগ্ৰহণৰ পিছতে উপসভাপতি ড॰ লৱৰাম সোনোৱাল, মাণিক চন্দ্ৰ সোনোৱাল, যতীন্দ্ৰনাথ সোনোৱাল, সুমন্ত বড়া, মনিদীপা লালোৱাৰী আৰু তাৰ পিছতে মুখ্য সম্পাদক মৃদুল সোনোৱাল, সম্পাদক দিগন্ত হাজৰিকা, জয়া বড়া, পাপু সোনোৱাল, সাংস্কৃতিক সম্পাদক প্ৰশান্ত বড়া, মহানন্দ সোনোৱাল, প্ৰচাৰ সম্পাদক হেমচন্দ্ৰ কছাৰী, কোষাধ্যক্ষ তোষেশ্বৰ সোনোৱাল, কাৰ্যালয় সম্পাদক ভবেন সোনোৱালৰ লগতে অন্যান্যসকলে শপতগ্ৰহণ কৰে৷ সভাত অতিথি হিচাপে উপস্থিত থাকি সভাৰ প্ৰতিষ্ঠাকালৰ পৰা জৰিত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰীয়ে সভাৰ ইতিবাচক আৰু নেতৃবাচক ভিন্ন দিশ সামৰি সাৰুৱা বক্তব্য আগবঢ়ায়৷ আন এগৰাকী অতিথি সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱালেও শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ মুখ্য সম্পাদক মৃদুল সোনোৱালে উদ্দেশ্য ব্যাখ্যা কৰা আৰু সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ মুখ্য সচিব ভক্তি প্ৰসাদ সোনোৱাল, বিশিষ্ট লেখক ড॰ সতীশ চন্দ্ৰ বড়াৰ লগতে জনজাতিটোৰ অন্যান্য জাতীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাই সৰ্বসন্মতিক্ৰমে সদ্যপ্ৰয়াত সোনোৱাল জনজাতিৰ সন্তান তথা সংগীত শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰি গভীৰ শোক প্ৰকাশৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ প্ৰয়াত শিল্পীগৰাকীৰ জীৱন-কৃতী সম্পৰ্কত চমুকৈ আলোকপাত কৰে সভাৰ সম্পাদক দিগন্ত হাজৰিকাই৷ সভাই সৰ্বসন্মতিক্ৰমে শিল্পীগৰাকীক মৰণোত্তৰভাৱে ‘সংগীত সৰস্বতী’ উপাধিৰে বিভূষিত কৰি সন্মান জ্ঞাপনৰ লগতে যথাস্থানত পৰৱৰ্তী সময়ত আনুষ্ঠানিকতা সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷