সংখ্যাৰ বিভাজ্যতা- বন্দিতা শৰ্মা কন্দলি

pc Tribune India

সংখ্যাৰ বিভাজ্যতা

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰাজাই অংক কৰি খুব ভাল পায়। অংক ভাল পোৱাৰ কাৰণো ৰাজাই আৱিষ্কাৰ কৰিছে। সি তাৰ বন্ধু নয়নক কয় অংকৰ দৰে সহজ বিষয় আৰু নাই । কাৰণ বানান ভুল হোৱাৰ সম্ভাৱনা কম , দীঘল দীঘল দফা মুখস্থ কৰিবলৈ নাথাকে । কেৱল নেওতা খন মুখস্থ ৰাখিলেই হয়। ৰাজাৰ কথাবোৰ নয়নৰ ফুটনি মৰা যেন অনুভৱ হ’ল। সি ৰাজাৰ ফুটনিত ফুটছাই ছটিয়াবলৈ বুলি এটা বুদ্ধি পাঙিলে। নয়নে ৬৩২৮৫৬০ সংখ্যাটো দেখুৱাই সুধিলে – ৰাজা তুমি চকুৰে চাই কৈ দিয়াচোন এই সংখ্যা টো কি কি সংখ্যাৰে বিভাজ্য হ’ব? ৰাজাই তপৰাই ক’লে – অʼ .. ২, ৩,৪,৫,৬,৭,৮, ১০,১৫,২১ আদিৰে বিভাজ্য! আৰু ক’ব লাগে নেকি? ৰাজাৰ উত্তৰ শুনি নয়নৰ চকু থৰ হ’ল! নয়নে ক’লে – ৰাজা, বিভাজ্যতাৰ কিটিপ বোৰ কোৱাচোন আমাকো ! ৰাজাই ক’লে শুনা তেনে – কোনো সংখ্যাৰ এককৰ স্থানত ০,২,৪,৬,৮ ৰ যি কোনো এটা সংখ্যা থাকে তেতিয়া সংখ্যা টো ২ ৰে বিভাজ্য হয়।
কোনো সংখ্যাৰ অংক কেইটাৰ যোগফল ৩ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ৩ ৰে বিভাজ্য হ’ব।
সংখ্যা এটাৰ একক আৰু দহক ৰ ঘৰৰ অংক দুটা শূণ্য হ’লে বা ৪ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ৪ ৰে বিভাজ্য হ’ব।
কোনো সংখ্যাৰ এককৰ স্থানত শূণ্য বা ৫ থাকিলে সংখ্যাটো ৫ ৰে বিভাজ্য হ’ব।
কোনো সংখ্যা ২ আৰু ৩ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ৬ ৰে বিভাজ্য হ’ব।
সংখ্যা এটাৰ সোঁহাতৰ পৰা তিনিটা অংকৰ থুপ কৰি ডাঙৰ থুপটোৰ পৰা সৰু টো বিয়োগ কৰিলে বিয়োগ ফলটো ৭ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ৭ ৰে বিভাজ্য হ’ব। অথবা সংখ্যা টোৰ এককৰ স্থানৰ অংকটোৰ দুগুণ শতক আৰু দহকৰ স্থানৰ অংকটোৰে গঠিত সংখ্যা টোৰ পৰা বিয়োগ কৰিলে বিয়োগ ফল ৭ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ৭ৰে বিভাজ্য হ’ব।যেনে ৬৭২ সংখ্যাটোৰ একক স্থানত থকা ২ক দুগুণ কৰিলে হ’ব ৪ । ২ক বাদ দিলে সংখ্যাটো হ’ব ৬৭ । এতেকে ৬৭- ৪=৬৩ পাম। ৬৩ ক ৭ ৰে বিভাজ্য। সেয়ে ৬৭২ সংখ্যা টো ৭ ৰে বিভাজ্য হ’ব।
৩ আৰু ৭ৰে বিভাজ্য সংখ্যা ২১ ৰে ও বিভাজ্য হ’ব।
৩ আৰু ৫ৰে বিভাজ্য হ’লে সংখ্যা টো ১৫ ৰে ও বিভাজ্য হ’ব।
একক,দহক আৰু শতক ঘৰৰ তিনিটা অংক শূণ্য হ’লে বা ৮ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ৮ ৰে বিভাজ্য হ’ব।
সংখ্যাত থকা অংক কেইটাৰ যোগফল যদি ৯ ৰে বিভাজ্য হয় তেনে গোটেই সংখ্যাটোৱে ৯ ৰে বিভাজ্য হ’ব।
কোনো সংখ্যাৰ এককৰ ঘৰত শূণ্য থাকিলে সংখ্যা টো ১০ ৰে বিভাজ্য হ’ব।
১১ ৰে বিভাজ্য তেতিয়াহে হ’ব যেতিয়া সংখ্যা এটাৰ যুগ্ম অৱস্থানত থকা অংক বোৰৰ যোগফল আৰু অযুগ্ম অৱস্থানত থকা অংক বোৰৰ যোগফলৰ পাৰ্থক্য(বিয়োগফল)ক ১১ ৰে বিভাজ্য হয়। অথবা সংখ্যা টোৰ এককৰ স্থানৰ অংকটো বাদ দিলে গঠিত হোৱা সংখ্যা টোৰ পৰা একক স্থানৰ অংকটো বিয়োগ কৰিলে বিয়োগফলটো ১১ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ১১ ৰে বিভাজ্য হ’ব। একেদৰে ১৩ ৰ বিভাজ্যতা পৰীক্ষাৰ বাবে সংখ্যা টোৰ একক স্থানৰ অংকটো ৯ ৰে পূৰণ কৰি একক স্থানৰ অংকটো বাদ দিলে গঠিত হোৱা সংখ্যা টোৰ পৰা বিয়োগ কৰিলে বিয়োগফলটো ১৩ ৰে বিভাজ্য হ’লে গোটেই সংখ্যাটোৱে ১৩ৰে বিভাজ্য হ’ব।
বিভাজ্যতাৰ কিটিপ বোৰ জানি নয়নৰ হৰণ অংকৰ প্ৰতি থকা ভয়টো পলাই পতং দিলে।সি মনতে ভাবিলে এতিয়াহে আহিব অংকৰ মজা।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও