সংকল্প নিৰ্জনতা প্ৰেম
বলিন বৰদলৈ
আলামি, গোলাঘাট
সংকল্প :
নিঁয়ৰৰ শেতা পৰশত
মুজুৰা মাৰে সংকল্প
প্ৰৱহমান কুঁৱলীৰ ডাঠ
আৱৰণ ফালি যেন
মই গুচি যাওঁ পুনৰ :
সোঁৱৰণীৰ গভীৰ স্থলীলৈ ।
নিৰ্জনতা :
অনাবিল প্ৰশান্তি বিছাৰি
সুস্থিৰ মগজুৰ চেতনাৰে
নিৰ্জনতাক সংগী কৰি ল’লো
পিছে নিৰ্জনতা চোন এতিয়া নাই
সকলো সময়ৰ অস্থিৰতাত বিলীন ।
প্ৰেম :
আৱতৰীয়া বাঁহীৰ সুৰে
গভীৰত বাৰে বাৰে মাতাল কৰে
ক্ৰমশঃ ৰঙীন সপোন, হৃদয়, আশা …
তোমাৰ পলাশী ওঁঠত চুমা আঁকি
আকৌ এবাৰ অনুভৱ কৰিছোঁ
মই সঁচাই তোমাৰ প্ৰেমত পৰিছোঁ ।