ষ্টিফেন লাক্ৰাৰ আক্ৰমণক অসম জাতীয় পৰিষদৰ গৰিহণা

Pc Wikipedia

ষ্টিফেন লাক্ৰাৰ আক্ৰমণক অসম জাতীয় পৰিষদৰ গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উপদেষ্টা ষ্টিফেন লাক্ৰাক কোকৰাঝাৰত ইউ পি পি এল দলৰ একাংশ কৰ্মী-সমৰ্থকে কৰা শাৰীৰিক নিগ্ৰহৰ ঘটনাক অসম জাতীয় পৰিষদে গৰিহণা দিয়ে৷দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে এটা ছেটেলাইট চেনেলৰ লাইভ অনুষ্ঠানত আছাৰ উপদেষ্টা লাক্ৰাই আদিবাসী লোকসকলৰ কিছু জ্বলন্ত সমস্যা দাঙি ধৰি সেইসমূহ বিজেপি আৰু ইউ পি পি এল মিত্ৰজোঁটৰ চৰকাৰে সমাধান কৰিব পৰা নাই বুলি বক্তব্য প্ৰদান কৰাৰ বাবেই হাতত লাঠি আদি অস্ত্ৰ লৈ ইউ পি পি এল দলৰ একাংশ কৰ্মীয়ে কোকৰাঝাৰ খেলপথাৰত ছাত্ৰ নেতাগৰাকীক আগুৰি ধৰি শাৰীৰিকভাৱে অপদস্ত কৰে৷ উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি গগৈ আৰু ভূঞাই অভিযুক্ত ব্যক্তিকেইজনক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷গগৈ আৰু ভূঞাই কয় যে ৰাজ্যৰ এটা উপেক্ষিত জনগোষ্ঠীৰ মনৰ বেদনা সংবাদ মাধ্যমৰ আগত উপস্থাপন কৰাটোকে শাসনাধিষ্ঠিত দলৰ লোকে অপৰাধ হিচাপে গণ্য কৰি আক্ৰমণেৰে উপান্ত জনগোষ্ঠীৰ প্ৰতিনিধিক টেঁটু চেপা দিব বিচৰা কাৰ্য্যক সহজভাৱে গ্ৰহণ কৰাটো মুঠেই উচিত নহয়৷