ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সংযোজন হ’ল চৰিত্ৰ পাঠ

PC - The Meghalayan

ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সংযোজন হ’ল চৰিত্ৰ পাঠ

ৰঙিলী বাৰ্ত্তাসেৱা-   শিক্ষা বিভাগে অৱশেষত ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সংযোজন ঘটালে চৰিত্ৰ পাঠ। ৭টা নতুন জনগোষ্ঠীয় ভাষাত পাঠ্যপুথি যুগুত কৰাৰ পাছত শিক্ষা বিভাগে এক দীঘলীয়া বিৰতিৰ অন্তত চৰিত্ৰপাঠ পাঠ্যক্ৰম সংযোজন কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে। ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে শক্তিশালী কৰা তথা চাৰিত্ৰিক দিশ উন্নত ঘটোৱাৰ লক্ষ্যৰে এতিয়াৰে পৰা নৈতিকতা আৰু মূল্যবোধৰ আধাৰত প্ৰস্তুত কৰা চৰিত্ৰপাঠ পাঠ্যক্ৰম সংযোজন কৰা হ’ব। অৱশ্যে চলিত শিক্ষাবৰ্ষৰ পৰাই কেৱল অসমীয়া ভাষাতহে ষষ্ঠ শ্ৰেণীৰ পৰা চৰিত্ৰ পাঠৰ সংযোজন ঘটোৱা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা প্ৰতিটো ভাষাত চৰিত্ৰপাঠৰ পাঠ্যক্ৰম সংযোজন ঘটোৱা হ’ব। উল্লেখ্য যে চলিত শিক্ষাবৰ্ষৰ পৰাই নতুন শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে পাঠ্যক্রম। এই লক্ষ্যৰে তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ বাবে সম্পূর্ণ নতুন পাঠ্যক্রম যুগুত কৰা হৈছে। অৱশ্যে আন আন শ্রেণীসমূহৰ পাঠ্যপুথি পৰৱৰ্তী বৰ্ষসমূহত সলনি হোৱাৰ সম্ভাৱনা আছে। ইফালে  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিয়া অনুসৰি ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন নিগমক বিনামূলীয়া পাঠ্যপুথিসমূহ ই-বুক হিচাপে উপলব্ধ কৰাৰ ব্যৱস্থা ল’বলৈ নির্দেশ দিছে। সেইমর্মে অহা বৰ্ষৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ বাবে ই-বুক ব্যৱস্থা আৰম্ভ কৰা হ’ব। লগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰি অতিশীঘ্ৰেই ৯,৭১৭টা শিক্ষক পদত দিয়া হ’ব নিযুক্তি। এই পদসমূহৰ বাবে শেহতীয়াকৈ টেট-নিযুক্তি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। এই পৰীক্ষাৰ ফলাফল সোনকালে ঘোষণা কৰাৰ বাবে প্ৰস্তুতিও চলি আছে। হৈ যোৱা পৰীক্ষাৰ বহী মূল্যায়নৰ কাম প্রায় সমাপ্তৰ দিশে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ৯,৭১৭টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।