ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন 

ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা-  গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ  সংবাদ মাধ্যম বা প্ৰেছ ।সমাজ এখন বা দেশখন পৰিচালিত হ’বলৈ হ’লে সংবাদ মাধ্যম বা প্ৰেছৰ যথেষ্ট অৱদান আছে। ২০২৬চনত ৩১জানুৱাৰী আজাৰা স্থিত সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে প্ৰভাতী অসম  সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত  প্ৰাত:টাইম ডিজিটেল ছেনেলৰ  ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।পুৱা ৯বজাত জ্যেষ্ঠ অধিবক্তা চাৰ্লি দাসে স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে।ইয়াৰ পিচতে বন্ধু মিলন নাট্য মন্দিৰৰ সভাপতি ভৱেশ চন্দ্ৰ মেধিয়ে কণ কণ ল’ৰা/ ছোৱালীৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ শুভাৰাম্ভ কৰে।দিনৰ ১১-৩০বজাত আন্তঃৰাষ্টীয় খেলুৱৈ পংকজ কুমাৰ দাসে বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে মঞ্চ মুকলি কৰে  অসমৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই। আনবছৰৰ দৰে এইবাৰো ” সুপ্ৰভাত” নামৰ এখন মুখপত্ৰ উন্মোচন কৰা হয়।

উক্ত মঞ্চতে “সুপ্ৰভাত “মুখপত্ৰ মুকলি কৰে সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক ফেডাৰেছনৰ  কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে লগতে উপস্থিত থাকে প্ৰভাতী অসম  সংবাদ গোষ্ঠীৰ সঞ্চালিকা প্ৰণতি কলিতা,অনুপমা আলোচনীৰ মুখ্য সম্পাদক ড০ শেৱালি দাস কলিতাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। জুবিন গাৰ্গৰ অন্যতম লগৰী তথা বাদ্যযন্ত্ৰৰ সুনিপুণ শিল্পী ৰাজা  বৰুৱাক “জীৱনজোৰা সাধনা বঁটা “,অসমৰ সুযোগ সন্তান জলকোঁৱৰ এলভিছ আলীক “লাচিত বৰফুকন বঁটা ” আৰু অসমৰ এগৰাকী প্ৰাক্তন বন বিষয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে “বাঘ সেৱা “বঁটাৰ উপৰিও অসম চৰকাৰৰ পৰা “অসম গৌৰৱ “বঁটাৰে সন্মানীত ধৰণীধৰ  বড়োক “বৰলুইত “বঁটা প্ৰদান কৰে।বহু কেইগৰাকী সাংবাদিক কলা কুশলীক তেওঁলোকৰ কৰ্মৰাজিৰ কাৰণে বিশেষ সন্মান বঁটা প্ৰদান কৰে।এইবেলি প্ৰভাতী অসম সংবাদ গোষ্ঠীয়ে প্ৰাত :টাইম ডিজিটেলৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ।

দীপিকা দেৱী কলিতাই প্ৰথম স্থান,জ্যোৎস্না দেৱী ভাগৱতীয়ে দ্বিতীয় স্থান,প্ৰদীপ কুমাৰ দাসে তৃতীয় স্থান লাভ কৰে।বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে –পৰিস্মিতা গগৈ, হৰেণ চন্দ্ৰ কলিতা,দিগন্ত কলিতা,প্ৰণতি চৌধুৰী,অনামিকা (সংগীতা)কলিতা আদিক ধৰি বহুত কেইগৰাকী লেখকে। এইবেলি সাংস্কৃতিক মঞ্চত সুধাকন্ঠ ড০ ভূপেন হাজৰিকা  আৰু হিয়াৰ আমঠু  জুবিন গাৰ্গ দুয়ো গৰাকী প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ সংগীতৰ ওপৰত নৃত্য/গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।বিশেষ ভাবে সক্ষম ব্যক্তিসকলেও প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে সকলোবোৰ দেখি মনত বহুত সন্তোষ পালোঁ। এনেকুৱা অনুষ্ঠান হয়তো আঙুলিৰ মূৰত গণিব পৰা ব্যক্তিয়েহে অনুষ্ঠিত কৰিব পাৰে ,এয়া সম্ভৱ  বিশাল হৃদয়ৰ খনিন্দ্ৰ কলিতা ডাঙৰীয়াৰ দৰে ব্যক্তিৰ কাৰণে ।