ষষ্ঠ অনুসূচীঃ কাৰ্বি শান্তি চুক্তি – ড° ৰণজিৎ সভাপণ্ডিত

Empower IAS

ষষ্ঠ অনুসূচীঃ কাৰ্বি শান্তি চুক্তি

ড° ৰণজিৎ সভাপণ্ডিত

স্বাধীনতাৰ ৰ’দ-কাঁচলিৰে পৰা অসমে পাহাৰ ভৈয়ামৰ ‘বৰ অসম’ অক্ষুণ্ণ ৰখাৰ আন্তৰিক প্রচেষ্টা চলাই আহিছে। লোকপ্ৰিয় বৰদলৈয়ে পাহাৰবাসীৰ স্বাৰ্থত সংবিধানত ষষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰাইছিল, তেওঁলোকৰ হাতত ক্ষমতা তুলি দিছিল, মুখ্যমন্ত্রী চলিহাই পাহাৰ-ভৈয়ামৰ এনাজৰী শক্তিশালী কৰি ৰাখিবৰ কাৰণে শ্বিলঙত মিলাপ্রীতি সন্মিলন অনুষ্ঠিত কৰিছিল, কু-অভ্যাস কানি, বৰবিহ পাহাৰীয়াসকলৰ মাজৰ পৰা আঁতৰ কৰাৰ বাবে আইন প্রণয়ন কৰিছিল, কিন্তু ইমানৰ পিছতো অসমীয়াপ্রীতিক পাহাৰীয়া জনগোষ্ঠীসমূহে সন্দেহৰ চকুৰে চাইছিল। পাহাৰীয়া জনগোষ্ঠীৰ মুষ্টিমেয় নেতাই সুকীয়া ৰাজ্যৰ দাবীত আন্দোলনৰ সূচনা কৰি, সশস্ত্র সংগ্ৰামত লিপ্ত হৈ এখনৰ পিছত এখন পাহাৰীয়া জিলাক ৰাজ্যত পৰিণত কৰালে। পাহাৰী জনগোষ্ঠীয় নেতাৰ বিচ্ছিন্নতাবাদৰ প্ৰতিফলন আনবোৰ জনগোষ্ঠীৰ মাজতো দেখা গ’ল। জনগোষ্ঠীয় চেতনাক প্রাধান্য দি তেওঁলোকে অসমত থাকিও অসমীয়া হ’ব নোখোজাৰ প্ৰৱণতা গঢ়ি তুলিলে।

মণ্টেগু ছেমচ ফ’ৰ্ড সংস্কাৰ প্ৰতিবেদনৰ (১৯১৯) আধাৰত ৰচিত ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ ৫২ নং (ক) অনুচ্ছেদত ইংৰাজ শাসনে ঢুকি নোপোৱা অসমৰ কেইবাটাও এলেকাৰ বিষয়ে উল্লেখ কৰি গৈছে। এই নির্দিষ্ট এলেকাকেইটাক পশ্চাদপদ অঞ্চল (Backward Tract) বুলি চিহ্নিত কৰাৰ লগতে ইয়াত ব্ৰিটিছৰ পৰোক্ষ শাসনৰ প্ৰয়োজনীয়তাহে স্বীকাৰ কৰি গৈছে। এই পিছপৰা অঞ্চলবোৰ আছিল গাৰো পাহাৰ, ৰাজধানী শ্বিলং মিউনিচিপালিটী এলেকা বাদ দি খাছি জয়ন্তীয়াপাহাৰ, মিকিৰপাহাৰ, কাছাৰৰ অন্তৰ্গত উত্তৰ কাছাৰ, লুছাই পাহাৰ, নগাপাহাৰ, শদিয়া সীমান্ত, বালিপৰা সীমান্ত আৰু লখিমপুৰ সীমান্ত অঞ্চল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে এই অঞ্চলসমূহত প্ৰৱৰ্তিত পিছপৰা অঞ্চল অবিধাটো আঁতৰাই তাৰ ঠাইত বহির্ভূত অঞ্চল (excluded area) আৰু অর্ধবহির্ভূত অঞ্চল (partially excluded area ) নামৰ দুটা ভাগ কৰে। স্বাধীনতাৰ পিছত এই অঞ্চলসমূহত শাসনৰ নীতি নিৰ্ধাৰণৰ কাৰণে বৰদলৈৰ নেতৃত্বত তিনিজনীয়া সমিতি (Bordoloi Committee) গঠন কৰা হয়। বৰদলৈয়ে পাহাৰীয়া জনজাতীয় এলেকাত উপস্থিত হৈ এই লোকসকলৰ অনুভৱ অনুভূতিক প্রাধান্য দি এখন প্রতিবেদন তৈয়াৰ কৰি সংবিধান নিৰ্মাণৰ কাণ্ডাৰী আম্বেদকাৰৰ হাতত অৰ্পণ কৰে। অসমৰ পাহাৰীয়া জনগোষ্ঠীৰ স্বাৰ্থত বৰদলৈ কমিটীয়ে যুগুত কৰা প্ৰতিবেদনৰ মূল বিষয়কেইটা হৈছে – (১) পাহাৰীয়া জনগোষ্ঠীয় লোকসকলৰ ভূ-সম্পত্তিৰ সুৰক্ষা তথা ভৈয়ামবাসীৰ আগ্রাসন মুক্ত কৰা (২) জনজাতীয়সকলৰ সাংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়া (৩) জনজাতীয়সকলৰ পৰম্পৰাগত স্ব-শাসন ব্যৱস্থাটো অটুট ৰখা আৰু প্রয়োজনীয় পুঁজি যোগান ধৰা। বৰদলৈ কমিটীৰ মূল বিষয়সমূহৰ ওপৰত গণ পৰিষদৰ বিশেষ আপত্তি কৰিব লগা নহৈছিল। বৰদলৈ কমিটীৰ প্ৰতিবেদন সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত হয়।

বৰদলৈ কমিটীৰ প্ৰতিবেদন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৰূপ ধাৰণ কৰাটো বৰ অসমৰ পাহাৰী জনগোষ্ঠীৰ স্বাৰ্থত এক বিশেষ গুৰুত্বপূর্ণ পদক্ষেপ। বিস্তৃত ৰূপত সুবিশাল অঞ্চলৰ প্ৰশাসনৰ কাৰণে যুগুতোৱা বৰদলৈ প্ৰতিবেদন অর্থাৎ ষষ্ঠ অনুসূচী সেই অৰ্থত এই ক্ষুদ্র সংবিধান। পাহাৰীয়া জিলাকেইখনে স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে সংবিধান স্বীকৃত কেইবাটাও বিভাগত স্বতন্ত্ৰৰীয়াকৈ ৰাজনৈতিক, অর্থনৈতিক ক্ষমতা পোৱাৰ সুযোগ পায়। পৰৱৰ্তী সময়ত ষষ্ঠ অনুসূচীৰ আধাৰ ভৈয়ামলৈকে প্ৰসাৰ ঘটিল।

পাহাৰীয়া জনগোষ্ঠীকেইটাক প্ৰায়বোৰ দিশতে নিজস্বতা বৰ্তাই থাকিবলৈ দি অসমৰ ৰাজনৈতিক পৰিসীমাত অন্তৰ্গত কৰাৰ বৰদলৈৰ যি আন্তৰিক প্রচেষ্টা আছিল, সেয়া থানবান হ’বলৈ বেছি দিনৰ প্রয়োজন নহ’ল। সংবিধান বলৱৎ হোৱাৰে পৰা এটা দশকৰ পিছতে ষষ্ঠ অনুসূচীত কেইবাটাও সংশোধন ঘটোৱা হ’ল। ১৯৫৭ চনত পোনপ্ৰথম ষষ্ঠ অনুসূচীৰ সংশোধন ঘটাই নগাপাহাৰ জিলাৰ লগত টুৱেনচাং এলেকা সংযোগ ঘটোৱা হ’ল। ১৯৬২ চনত দ্বিতীয়টো সংশোধনীৰ যোগেদি নাগালেণ্ডক ৰাজ্যৰ মৰ্যাদা দিয়া হ’ল। তৃতীয়টো সংশোধনীৰ যোগেদি (১৯৬৯) অসম পুনৰ গঠন আইন (মেঘালয়)’ তৈয়াৰ কৰি অসমৰ পৰিধিৰ ভিতৰতে মেঘালয় নামৰ স্বায়ত্তশাসিত ( Autonomous) ৰাজ্য এখনৰ ঘোষণা কৰা হ’ল। অনুসূচীটোৰ চতুৰ্থটো সংশোধনী ঘটাই ১৯৭১ চনত (৩০ ডিচেম্বৰ) নৰ্থ ইষ্টার্ন এৰিয়া (পুনর্গঠন) আইন তৈয়াৰ কৰি মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ নামৰ তিনিখন ৰাজ্য গঠন কৰা হ’ল। পঞ্চমটো সংশোধনীৰ যোগেদি ১৯৭১ চনত (২৩ মার্চ) ত্ৰিপুৰা ৰাজ্যৰ কাৰণে ‘ট্রাইবেল এৰিয়া এট’নমাছ ডিস্ট্রিক্ট কাউঞ্চিল’ আইনখন তৈয়াৰ কৰা হ’ল। ১৯৯৫ চনৰ ষষ্ঠ অনুসূচীৰ সপ্তম আৰু অষ্টম সংশোধনী ঘটাই কাৰ্বি আংলং আৰু উত্তৰ কাছাৰক প্রাদেশিক স্বায়ত্ত শাসনৰ ক্ষমতা দিয়া হ’ল। এই অনুসূচীৰ ষষ্ঠ আৰু নৱম সংশোধনী বিশেষ তাৎপর্যপূর্ণ বুলি ক’ব পৰা যায়। প্ৰথমটোৰ যোগেদি পোনপ্ৰথমবাৰৰ কাৰণে ষষ্ঠ অনুসূচীৰ পৰিসৰ পাহাৰৰ পৰা ভৈয়ামলৈ নমাই অনা হ’ল আৰু দ্বিতীয়টোৰ যোগেদি বড়ো জনগোষ্ঠীক স্বায়ত্ত পৰিষদ তথা স্বাযত্ত শাসন প্ৰদান কৰা হ’ল। দেখা যায় ষষ্ঠ অনুসূচীয়ে বিশৃংখল পৰিৱেশ এটাৰ সৃষ্টি কৰি গ’ল। এসময়ত ষষ্ঠ অনুসূচীৰ ভাব চিন্তাত আবদ্ধ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ কোনোটো এলেকাই এতিয়া এই অনুসূচীৰ অধীনত নহয়। মেঘালয় আৰু মিজোৰামৰ কাৰণে এতিয়া ষষ্ঠ অনুসূচী গুৰুত্বহীন। আনহাতে সংবিধান বলবৎ হোৱাৰ সময়ত কোনো অঞ্চলেই ষষ্ঠ অনুসূচীৰ ভিতৰত নথকা ত্ৰিপুৰাৰ প্ৰায় ৫০ শতাংশ এলেকা এতিয়া এই অনুসূচীৰ অন্তৰ্গত। পাহাৰী জিলাকেইখন অসমৰ পৰা ফাটি গৈ ৰাজ্যত পৰিণত হ’ল। কিন্তু তাৎপর্যপূর্ণ কথাটো হৈছে যে একমাত্র ষষ্ঠ অনুসূচীক আধাৰ হিচাপে লৈয়ে জিলাসমূহে ৰাজ্যৰ মর্যাদা পোৱাৰ পথটো সুচল হল। অসমৰ অন্তৰ্গত পাহাৰীয়া জনগোষ্ঠীৰ উদ্দেশ্য প্ৰৱৰ্তিত ষষ্ঠ অনুসূচীৰ পৰিহাস এতিয়া মন কৰিবলগীয়া। এক কথাত ষষ্ঠ অনুসূচীয়ে কোনো সুফল নিদিলে। এতিয়া এই অনুসূচীটো মাত্র বর্তি আছে কাৰ্বি আংলং আৰু ডিমা হাছাওত। তাতো এক কথাত থৰক বৰক অৱস্থা। কাৰ্বিপাহাৰৰ জনতাই সুকীয়া ৰাজ্য দাবী কৰি আহিছে। আনকি স্বায়ত্ত পৰিষদ গঠনেৰে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ পিছতো বড়োসকলৰ মাজত সুকীয়া ৰাজ্য গঠনৰ উকমুকনি লক্ষ্য কৰা যায়। ১৯৯৩ চনত বড়ো স্বায়ত্ত পৰিষদ, ২০০৩ চনত বড়োলেণ্ড জিলা পৰিষদ আৰু ২৭টা বছৰ অতিক্ৰম কৰাৰ পিছত তৃতীয়খন ঐতিহাসিক বড়ো চুক্তি (২৭ জানুৱাৰী, ২০২১)ৰে বিটিআৰক পৃথক ৰাজ্যৰ তুলনাত শক্তিশালী আন্তঃগাঁথনি প্ৰদানৰ পিছতো এচাম নেতাৰ মাজত সুকীয়া ৰাজ্য বিচৰাৰ মানসিকতা অন্ত পৰা নাই।

ছেমছনছিং ইংতি (১৯১০-৪৮)ৰ আদৰ্শৰে অনুপ্রাণিত কাৰ্বি জনতাৰ মাজত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী বহুদিনীয়া। ১৯৪৮ চনতেই কাৰ্বি ‘আদৰবাৰে’ স্বায়ত্ত শাসনৰ কাৰণে আগবঢ়োৱা প্ৰস্তাৱ বৰদলৈ কমিটীয়ে মানি লৈছিল। সংবিধান প্রণয়নৰ সময়ত সংবিধান সভাই কাৰ্বি-ডিমাচাৰ বাবে ২৪৪ নং (ক) অনুচ্ছেদৰ আধাৰত স্বায়ত্ত শাসনৰ প্ৰস্তাৱত অনুমোদন জনাই থৈ গৈছে। পৰৱৰ্তী সময়ত পার্বত্য ৰাজ্য গঠনৰ আন্দোলনেৰে খাছি-জয়ন্তীয়া নেতাসকলে প্রস্তাৱিত ‘মেঘালয়’ ৰাজ্যত মিকিৰ পাহাৰকো সুমুৱাই ল’বলৈ অপ্ৰাণ চেষ্টা চলাইছিল। এইক্ষেত্ৰত মিকিৰ পাহাৰৰ কেইজনমান নেতাই পূর্ণ সমর্থন জনাইছিল। সেই ভিত্তিত ২২ নং সংশোধনী বিধেয়ক লোকসভাত উত্থাপনেৰে (১৯৬৯) খাছি জয়ন্তীয়া, গাৰো, মিকিৰ, উত্তৰ কাছাৰসহ এখন পার্বত্য ৰাজ্য গঠনৰ প্ৰস্তুতি চলোৱা হয়। তদানীন্তন মুখ্যমন্ত্ৰী চলিহাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ মিকিৰপাহাৰ আৰু উত্তৰ কাছাৰ কোনো কাৰণতে মেঘালয়ৰ অন্তৰ্ভুক্ত হোৱাটো বিচৰা নাছিল। চলিহাৰ যুক্তি আছিল— মিকিৰ উত্তৰ কাছাৰবাসীৰ লগত খাছি-জয়ন্তীয়া সংস্কৃতি বেলেগ। যদি একাকাৰ হয়, তেতিয়াহ’লে তেওঁলোকে চিৰদিনলৈ অশান্তি ভুগিব লাগিব। একমাত্র চলিহাৰ কাৰণেই মিকিৰপাহাৰ আৰু উত্তৰ কাছাৰ প্ৰস্তাৱিত মেঘালয়ৰ পৰা বাদ পৰিল। কাৰ্বিসকলৰ স্বাৰ্থত চলিহাৰ প্ৰচেষ্টা ঐতিহাসিক বুলি ক’ব পৰা যায়। কিন্তু দেখা যায় একাংশ কাৰ্বি নেতাই মিকিৰপাহাৰ অসমৰ অন্তৰ্ভুক্ত হৈ থকাটো কামনা নকৰে। ১৯৮১ চনত স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতি গঠন কৰি তেওঁলোকে সংবিধান ২৪৪ (ক)ৰ অধীনত সুকীয়া ৰাজ্য বিচাৰি আহিছে। সেই উদ্দেশ্যে কাৰ্বি জনতাৰ মাজত বিচ্ছিন্নতাবাদে গা কৰি উঠিছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে সশস্ত্র সংগ্রাম পৰিহাৰ কৰাৰ বিনিময়ত ৰাজনৈতিক ক্ষমতা হাতত তুলি দিয়া প্রতিশ্রুতি দিছিল। হিংসাৰ আশ্ৰয় লৈ সুকীয়া ৰাজ্য দাবীদাৰসকলক সন্তুষ্টি কৰিবলৈ ষষ্ঠ অনুসূচীৰ ভিত্তিত বড়ো চুক্তিৰ আৰ্হিত (৪ ছেপ্টেম্বৰ, ২০০০) শান্তি চুক্তি সম্পন্ন হৈছে। শান্তি চুক্তিয়ে কাৰ্বি পৰিষদৰ সদস্যৰ সংখ্যা ২৬ৰ পৰা ৫০লৈ বৃদ্ধি কৰিছে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ক্ৰমে ১৬ আৰু ২১টা উন্নয়ন প্রকল্প ঘোষণা কৰিছে। ভৈয়ামৰ কাৰ্বিসকলৰ বাবে ‘কাৰ্বি কল্যাণ পৰিষদ গঠনৰ আশ্বাস দিছে। কাৰ্বি ভাষাক জিলা পর্যায়ত চৰকাৰী ভাষাৰ মৰ্যাদা দিয়াৰ কথা জানিব পৰা গৈছে। কিন্তু ইয়াৰ পিছতো জিলাখনত চুক্তিবিৰোধী আন্দোলন আৰু প্ৰতিবাদ কিয় ? ২৪টা জাতীয় সংগঠনৰ মৰ্চাই no autonomous state no rest ধ্বনি দিছে। তেওঁলোকে ২৪৪ ‘ক’ৰ অধীনত সুকীয়া ৰাজ্যৰ দাবীত অচল-অটল। দেখা যায় সদ্যসমাপ্ত কাৰ্বি শান্তি চুক্তিখন দুটা পক্ষ— বিদ্রোহী গোট আৰু চৰকাৰৰ লাভালাভৰ মাজতে সীমাবদ্ধ য’ত সাধাৰণ কাৰ্বি জনতা উপেক্ষিত হৈ ৰোৱাৰ দিশটো স্পষ্ট। অসম চৰকাৰৰ পার্বত্য উন্নয়ন বিভাগে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ইতিমধ্যে যথেষ্টসংখ্যক স্থানীয় লোকক নিযুক্তি দিছে। পূৰ্বৰ সোণোৱাল চৰকাৰে জিলা দুখনত খালী পদৰ বিপৰীতে অধিক কৰ্মচাৰী নিযুক্তি দিয়াৰ খবৰ পোৱা গৈছে। অধিক কৰ্মচাৰী থকা সত্ত্বেও কিন্তু জিলা দুখনৰ শিক্ষা, স্বাস্থ্য আদি জনকল্যাণমূলক কাম কাজ বহু পিছপৰি ৰৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিবোৰ সা-সুবিধা স্বায়ত্ত পৰিষদৰ বাবে এৰি দিছে, সেই সকলোবোৰৰ সমবিতৰণ আৰু সুপৰিকল্পিতভাৱে কাৰ্যত ৰূপায়ণ নকৰাটো অতি দুৰ্ভাগ্যৰ বিষয়। কাৰ্বিসকলে বিচৰা মতে সুকীয়া ৰাজ্য নাপালেও স্থায়ী জিলা স্বায়ত্ত পৰিষদৰ জৰিয়তে আজি কিমানখিনি চকুত লগা পৰিকল্পনাৰ যোগেদি উন্নয়নমূলক কার্য আঁচনি হাতত লৈছে, এক কথাত গভীৰ চিন্তাৰ বিষয়। উত্তৰ কাছাৰ জিলা স্বায়ত্ত পৰিষদে উগ্ৰপন্থীৰ লগত হাত মিলাই চলিবলৈ যিমান টকা খৰচ কৰিছে, দৰিদ্ৰ জনসাধাৰণৰ বাবে তাৰ চাৰিভাগৰ এভাগো টকা খৰচ কৰা নাই।

স্বৰাজোত্তৰ কালৰে পৰা অসম চৰকাৰে ভৈয়ামৰ তুলনাত পাহাৰক প্ৰাধান্য দি আহিছে। পাহাৰবাসীক সন্তুষ্ট কৰাটোৱেই যেন চৰকাৰৰ একমাত্র উদ্দেশ্য। যাৰ ফলত প্ৰতিটো জনজাতীয় আন্দোলন ৰাজনীতিকৃত আন্দোলনৰ ৰূপ লৈ আহিছে। প্ৰতিটো আন্দোলন এচামৰ কাৰণে ৰাজনৈতিক ক্ষমতা ভোগৰ সুযোগ ঘটিছে। যেতিয়াই ক্ষমতা লাভৰ সুযোগ দেখে, তেতিয়াই আন্দোলনকাৰীয়ে চুক্তি স্বাক্ষৰৰ যোগেদি আন্দোলনৰ সমাপ্তি ঘোষণা কৰে। আনহাতে ক্ষমতাৰ পৰা বাদ পৰাসকলে পুনৰ আন্দোলন সূচনা কৰে। এয়াই জনজাতীয় ৰাজনীতিৰ প্ৰকৃত চৰিত্ৰ।