ষষ্ঠবাৰলৈ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬চনৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে ৷ শুকুৰবাৰে জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতে ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰে । ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এয়া ষষ্ঠটো খিতাপ । চূড়ান্ত মেচখনত ভাৰতে প্রথমে বেটিং কৰি বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙেৰে নিৰ্ধাৰিত ৫০ অ’ভাৰত ৪১১ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে। ছেমিফাইনেলত শতক অৰ্জন কৰা ভাৰতৰ অ’পেনাৰ আৰ’ন জৰ্জ ব্যর্থ হ’লেও আনগৰাকী অ’পেনাৰ বৈভৱ সূৰ্যবংশীয়ে আৰম্ভণিৰে পৰা বিধ্বংসী বেটিঙেৰে ইংলেণ্ডৰ বলাৰসকলক স্তম্ভিত কৰি তোলে। বৈভৱে ৫৫টা বলতে জুনিয়ৰ বিশ্বকাপৰ দ্বিতীয় দ্রুততম শতক অর্জন কৰে। ৮০টা বলত ১৫টা ৬ আৰু ১৫টা ৪ৰে বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ ইতিহাসতে সর্বোচ্চ ব্যক্তিগত ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় ১৪ বছৰীয়া বেটছমেনগৰাকী। এই খেলখনত বৈভৱে দ্বিতীয় উইকেটত অধিনায়ক আয়ুস মাত্ৰেৰ সৈতে ১৪২ ৰানৰ যুটি বান্ধে। ২৫ অ’ভাৰত দলীয় স্ক’ৰ ২৫১ ৰানত ব্যক্তিগত ১৭৫ ৰান সংগ্ৰহৰ সময়তে আউট হয় বৈভৱ। ইয়াৰ পিছতে অধিনায়ক আয়ুস মাত্রেই ৫৩ ৰানৰ দায়িত্বশীল ইনিংছ খেলে। ভাৰতৰ বেদান্ত ত্রিবেদীয়ে ৩২, বিহান মালহোত্রাই ৩০, অভিজ্ঞান কুণ্ডুৱে ৪০ আৰু কনিষ্ক চৌহানে ৩৭ ৰানৰ বৰঙণি আগবঢ়ায়। ইফালে বিশাল ৪১২ ৰানৰ লক্ষ্য লৈ খেল আৰম্ভ কৰা ইংলেণ্ড দলটোৱে প্ৰথম অৱস্থাত লেহেমীয়া গতিৰে খেল আৰম্ভ কৰে। দলটোৰ অ’পেনাৰ বেন ডকিন্সে ৬৬ ৰান কৰিলেও আনগৰাকী অ’পেনাৰ যোছেফ ব্যর্থ হয়। টপ অৰ্ডাৰ বেটছমেনকেইজনেও খেলত বেছি সময় টিকি থাকিব নোৱাৰিলে। অৱশ্যে মিডল অর্ডাৰ বেটছমেন কালেব ফেলকনাৰে ৬৭টা বলত ৯টা চাৰি, ৭টা ছয়েৰে ১১৫ ৰানৰ ব্যক্তিগত ইনিংছেৰে দলটোক সম্মানজনক স্থিতিত উপনীত কৰায় যদিও ১০০ ৰানৰ ব্যৱধানত ইংলেণ্ড পৰাজিত হয়। ভাৰতৰ হৈ আৰ এছ অম্বৰীশে সর্বাধিক তিনিটা উইকেট দখল কৰে।ইফালে বিস্ফোৰক বেটছমেন বৈভৱ সূর্যবংশীয়ে ফাইনেলৰ মেন অব দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজ সন্মান লাভ কৰে।
