শৰৎ –  ৰীমা গায়ন বৰা

Pc Amazon

শৰৎ

 ৰীমা গায়ন বৰা,মৰিগাঁও

এই যে শৰৎ কাল
আকাশত হেঙুল হাইতাল
এবুকু উৎসৱৰ উৎসাহ !
শাৰদীয় দুৰ্গোৎসৱ ,
গুৰুজনাৰ জন্মোৎসৱ
কেৱল পূজা মাথোঁ পূজা ।
হালিজালি নাচি উঠা
শেৱালিজোপা ডালভৰা শোভা ,
শুভ্ৰ দলিচা পাৰি বহিছে
নিয়ৰৰ মণি-মুকুতা
তলসৰা শেৱালিৰ শুভ্ৰ দলিচাত
পুৱাৰ ৰ’দালিৰ আভা ।
দূবৰিসিক্ত নিয়ৰকণাই নাচে
শেৱালিৰ পৰশত
পথাৰ শুৱনি কঁহুৱাৰ শুভ্ৰতাই
মাতে হাত বাউলী
শৰৎ মানেই উৎসৱৰ মেলা
গেৰ ধৰা ধাননি পথাৰ
চিৰসেউজ ধৰা ।