শৰৎ – মৃদুলা বৰুৱা

শৰৎ
মৃদুলা বৰুৱা, তেজপুৰ 
সজল ধাননি ডৰাৰ
শীতল আবিৰে
মোৰ হিয়াত নূপুৰ বজাইছে,
নৈপৰীয়া কঁহুৱাৰ নাচোন দেখি
এচপৰা মেঘৰ কোলাতে
শৰৎ আহিছে।
জোনটোৱে এবাটি জোনাক ঢালি
শৰতক আদৰিছে,
দুবৰিয়ে নিয়ৰৰ মুকুতা পিন্ধি
আলিংগন কৰিছে
শৰতৰ এই কোমল পুৱাটোক ।
শুভ্ৰ চৰাইজনী আহি
মোৰ পদূলিত পৰিল,
তাইৰ পাখিত যেন শৰতৰ সুবাস,
আজুৰি আনে তাই
মোৰ আলসুৱা হেঁপাহবোৰ,
যাক মই আছুতীয়াকৈ ৰাখিছিলোঁ।
সপোন আশা ভৰসা জগাই
তাইও গুচি যায়
শৰতৰ লগতে
মোৰ পদূলি উদং কৰি।