শৰৎ – পাৰ্থপ্ৰতীম শৰণীয়া

PC- Twitter

শৰৎ

পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ

এয়া মোৰ চোতালৰ শেৱালি
তল সৰে প্ৰতিপুৱা,
ভানুমতীৰ কাঁচলি হাঁহিত
নিয়ৰ মুকুতা উতনুৱা।

চিৰ আলসুৱা ধূসৰ কঁহুৱা মলয়াৰ স’তে হালি জালি নাচে,
শাৰদী শাৰদী এই জোনাকৰ আঁচলত
কোনে বাৰু মোৰ শবদ সাঁচে!

শৰৎ
প্ৰেমৰ এক নিখুঁত অনুভৱ
মনৰ নিজানত,
এই বিস্তীৰ্ণ সেউজত
মই হেৰাও প্ৰতিবাৰ
তাৰেই সুমধুৰ গানত।