শৰৎ আৰু শেৱালী – মানসী বৰঠাকুৰ

pc Riki studio

শৰৎ আৰু শেৱালী

মানসী বৰঠাকুৰ,
যোৰহাট

শৰৎ আৰু শেৱালী
দুয়ো মিলি আনে পুৱাৰ কুঁৱলী।
শেৱালীফুলৰ সুভাসে সোঁ দিশ কৰে মনোমোহা
পুৱাতেই দুবৰিৰ কোলাতে শুই কৰে মোহনীয়া।
নতুন নিয়ৰে যাচে শুভ্ৰ অলংকাৰ
শৰতৰ সৌন্দৰ্য্য কৰে প্ৰকৃতিক জাতিষ্কাৰ।।