শৰৎ আহিলে লিখিম কবিতা
মুন শৰ্মা, লখিমপুৰ
আহিব শৰৎ নামিব জোনাক,
পৰিব জোনাক আহি চোতালত,
তাতেই বহি লিখিম কবিতা,
ৰাখিম শিৰোনামা তোমাৰ নামত।
তোমাৰ প্ৰেমিক হৈছে বিয়াকুল,
প্ৰেমৰ জয়গান গাবলৈ সাজু,
তোমাৰ সুগন্ধি বিয়পাই দিব,
শৰৎ নিশাৰ জোনাকী ঘাটত।
হৃদয় কোণত সাঁচি ৰখা কথা,
শব্দ ৰূপেৰে নিগৰাই দিম,
বাক্যৰ মালাৰে গাঁঠি দিম কাগজ,
উৰে নিশা উৰিব কবিতা হৈ।