শৰৎ – আয়নাল হক

PC Wikipedia
শৰৎ
আয়নাল হক, ধুবুৰী 
শৰৎ
এটি মিঠা নাম
দেহ-মন শিহৰিত কৰি তোলা
এজাক চেঁচা বতাহে চুই যায় ঘনে ঘনে
শৰৎ আহিলে।
শুকুলা মেঘে আকাশত
লুকাভাকু খেলে,
স্নিগ্ধ জোনাকে
কবিৰ পিয়াসী হৃদয়ত
প্ৰেৰণা যোগায় আলফুলে।
সাৰ পায় নিশাৰ ৰাগিণী
শুভ্ৰ শৰতৰ শেৱালি…!
কপাহী কঁহুৱাই
নদীৰ পাৰ শুৱাই
নাচে হালি-জালি।
সপোনৰ অন্বেষণত
বন-হংসজাকে
আকাশৰ নীলা চুমে।
গেঁৰ ধৰা পথাৰখনে
কৃষকৰ ওঁঠত
হাঁহিৰ পৰশ দিয়ে।
যমুনাৰ নীল লহৰে
প্ৰেমিকা ৰাধাৰ বুকু স্পন্দিত কৰে…!
জোনাকৰ মধু পান কৰি
কানাইৰ বাঁহীৰ সুৰত
ৰাস-লীলা কৰে।
যেন শৰৎ আহে
এখন প্ৰেমৰ পৃথিৱী উপহাৰ দিবলে…।