শৰৎৰ আগমন – মিন্টু গোৱলা

PC Wikipedia
শৰৎৰ আগমন
মিন্টু গোৱলা, লখিমপুৰ
চোতালৰ শেৱালী জোপাহচোন
ফুৰিবৰ হ’ল।
আগফালৰ চোতালৰ
দুৱৰি বনডোৰত
নিয়ৰ সৰিবৰ হ’ল,
এয়েই শৰৎৰ আগমনী ।
কোমল কোমল অৰুণ জ্যোতিয়ে
চেঁচা পৰা গাঁটোত গৰম ঢালি দিয়ে।
স্নিগ্ধ জোনাকৰ আঁৰে
আঁৰে লুকাই থকা শাৰদীৰ
প্ৰতিচ্ছবি ভাঁহি আহে  নিয়ৰকণাত ।
জোনাকী পৰুৱা বোৰ কৈ
যায় , শাৰদী অহাৰ কথা ।
প্ৰকৃতিও কৈ যায় ,
শৰৎ আহিলে শেৱালী ফুলে ।
চোতালৰ বুকল জোপাহচোন ফুলি
উঠে শেৱালীৰ লগত
শেৱালীৰ সুগন্ধিয়ে মন
পৰশাই  তুলে শৰৎৰ
প্ৰতিটো পুৱাই ।
নৈৰ পাৰৰ কঁহুৱা বনবোৰ
ফুলিবৰ হ’ল ।
নৈৰ পাৰ সঁজোৱাৰ সময় হ’ল
শুভ্ৰ পোছাকেৰে।
শৰৎ মানেই শেৱালী
শেৱালী মানেই নিয়ৰৰ কণা
স্নিগ্ধ জোনাক মানেই
শাৰদীৰ আগমন
শাৰদীৰ প্ৰতিচ্ছবি ভাঁহি
 উঠে নিৰ্মল জলত ।