শৰতৰ সুৱাস
অনামিকা(সংগীতা)কলিতা ,
শুৱালকুছি
শৰতৰ মেঘালী আকাশত
হিম কণাৰ আগমন ।
দেহত কুঁহুমীয়া আভাস,
পদূলিৰ শেৱালি জোপাৰ
পৰিস্ফুট ফুলৰ সুৱাস
শোভিত কৰে জোনাক নিশা ।
মন -মতলীয়া কৰে
শুভ্ৰ জোনাকৰ পোহৰত
মাঁথো এনিশাৰ অতিথি তুমি ,
নিয়ঁৰত তিতি থকা
শৰতৰ সুগন্ধি শেৱালিএপাহ ।
যৌৱনৰ দুৱাৰ দলিত
বানে ধুৱাই নিয়া পথাৰত
সেউজীয়া বসন পিন্ধে,
হাঁহিৰে ওপচাম ,
ভাগৰুৱা জীৱনৰ অবুজ আশা ।।
