শৰতৰ শেৱালী
ৰূপ ৰেখা ঠাকুৰ
দেৰগাঁও
শেৱালী আছে বাবেই
শৰতৰ জোনাকৰ অনুভৱ হয়
মোৰ ঘৰত শেৱালী ফুলিলে
তোমাৰ ভৰি উঠেনে উশাহ?
আকাশত যেতিয়া মেঘ জমা হয়
শেৱালী তুমি ব্যাকুল হোৱা নে?
তিতিবলৈ জীৱন যমুনাৰ চঞ্চল জলধাৰাত
শৰতৰ জোনাক ৰাতি
তোমাৰ বাবেই আছে
ডাল ভৰি ফুলা শেৱালী জোপাৰ ফুল বোৰৰ বাহিৰে
কোনেও নাজানে এই কথা।