শৰতৰ শেৱালী – নাচিমা য়াচমিন

Pc অসমীয়া ৱিকিপিডিয়া

শৰতৰ শেৱালী

 নাচিমা য়াচমিন 
বিশ্বনাথ চাৰিআলি
স্নিগ্ধ শেৱালীৰ মন মতলীয়া কৰা
 সুগন্ধি সুবাসে দি যায়
প্ৰতিটো পুৱাৰ আশাৰ বতৰা ;
শৰতৰ অবুজ শিহৰণত,
মন মোৰ দিশহাৰা।
শৰত হ’ল  প্ৰতিশ্ৰুতিৰ ঋতু,
শাৰদী ৰাণীৰ আগমনত
দেহ -মন উৎফুল্লিত কৰা
সুখৰ মাদকতা ;
উৎকট গৰমৰ অৱসান ঘটাই
ঠাণ্ডাৰ আগজাননি দিয়া।
সেউজী ধৰাত পাৰি দিয়ে
হেঁপাহৰ দলিচা,
পুৱাৰ সেউজীত জিলিকি ৰয়
নিয়ৰৰ কণিকা।
নৈৰ পাৰৰ কহুৱা জাকৰ
নৈসৰ্গিক দৃশ্যই
বহু কথাই কৈ যায়,
প্রকৃতিৰ মনোমোহা সৌন্দৰ্য্যত
 মোৰ অনুৰাগ বৃদ্ধি পায়।