শৰতৰ শেৱালি
ৰীতা কলিতা
বৰ্ষা ঋতুৰ সামৰণিত হয়
শৰৎৰ আদৰণি।
চাৰিওফালে বোকা পানী
আঁতৰি শুভিত হয় ধৰণী।
স্নিগ্ধ জোনাক পোহৰত
নিশা ফুলি ৰয় শেৱালী।
নিশা ফুলি সুৱাস বিয়পাই
মন মতলীয়া কৰি,
প্ৰভাততে সৰি পৰি
পুদূলি সজাই থয়
শুভ্ৰ দলিচা পাৰি।
আহিনৰ নিয়ৰ সিক্ত
তলত সৰা শেৱালিৰ
সুৱাসত উদুলি-মুদুলি
মোৰ ঘৰৰ পদূলি।