শৰতৰ মাদকতা আৰু শেৱালি ফুলৰ ঔষধি গুণ – নিৰ্মালি বৰা হাজৰীকা

শৰতৰ মাদকতা আৰু শেৱালি ফুলৰ ঔষধি গুণ
নিৰ্মালি বৰা হাজৰীকা,নগাঁ‌ও
প্ৰকৃতিৰ আচঁ‌লত মুখ গুজি আহিনৰ বোকোচাত উঠি আগমন ঘটিছে ছয় ঋতুৰ শ্ৰেষ্ঠ ঋতু শৰতৰ।শৰত মানেই শুভ্ৰ শেৱালি।শৰত মানেই নৈ পাৰত হালি-জালি নাচি উঠা বগা কহুৱা।নিয়ৰ কণাই  দুবৰি বনত ৰ’দৰ পোহৰত মুকুতা মণিৰ সৃষ্টি কৰে।প্ৰকৃতিৰ বুকু লৈ সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই আনে শৰত ঋতুৱে।শৰত ঋতুৰ লগত শেৱালিৰ এক নিবিড় সৰ্ম্পক আছে।শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা।কুলিৰ মাতে যেনেকৈ বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে দিয়ে শৰতৰ আগমনৰ বাতৰি।শৰত মানেই শুভ্ৰতা,স্নিগ্ধতাআৰু শেৱালিৰ মনোমোহা সুবাস।
শৰত কেৱল এটি ঋতুৱেই নহয়,ই জন-জীৱনৰ  উদ্ভাসিত নান্দনিকতা বাৰ্তাবাহক।শেৱালিৰ সুবাস শুভ্ৰতাই ক্লান্তি ,অৱশাদ দূৰ কৰি জীৱনলৈ আনে আশাৰ পাপৰি।
ইংৰাজ কবি জন কীটছে ‘ ode to Autumn’ ত কুঁ‌ৱলি আৰু ভৰপক ফলৰ বতৰ বুলি কৈছে।এই সময়তে আমলখি , জলফাই,পনিয়ল আদি ফলে পক ধৰে।শৰত মানেই উছৱৰ পয়োভৰ।গাঁ‌ৱৰ নিভাঁজ মৰমৰ সাক্ষী  হৈ আহে কাতি বিহুৰ।তুলসীৰ তলেতলে ,পথাৰত চাকি জ্বলে।শৰতে আগমন জনায় দুৰ্গতি নাশিনী দেৱী দুৰ্গা মাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে শৰতৰ বৰ্ণনাত লিখিছে বাৰিষাৰ মেঘাচ্ছন্ন আকাশৰ কলীয়া ডাৱৰ শৰত অহাৰ লগে লগে আতৰি যায় আৰু আকাশ নিৰ্মল হৈ পৰে।বাৰিষা বোকা-পানীৰে পৰিপূৰ্ণ হৈ থকা জলাশয়বোৰত সংকটত থকা জীৱ-জন্তুবোৰৰ ভয়-শংকা দূৰ হয়।বাট-পথত থকা বোকা -আবৰ্জনা শুকাই পথ সুগম হয়।নৈ-বিল ,জান-জুৰিৰ পানী নিৰ্মল হয়।
শৰত কালত অসমৰ জলবায়ু নাতিশীতোষ্ণ হয়।উৎকট গৰমো নাই আৰু ঠাণ্ডাও নাথাকে।এক সুন্দৰ পৰিৱেশ।
“জীৱতু শৰদঃ শতম্ “অৰ্থাৎ এশটা শৰৎ জীয়াই থাকা বা এশটা শৰতৰ সৌন্দৰ্য্য উপভোগ কৰা।এনেদৰে বয়োজেষ্ঠজনে আৰ্শীবাদ দিয়ে।আকাশ ফৰকাল হয়।বাৰিষাৰ কলীয়া মেঘ আতৰি  শুকুলা মেঘবোৰ নীলিম  আকাশত দৌৰি ফুৰে।ফৰিংফুটা জোনাক,তৰাৰ দীপাৱলী,শেৱালিৰ সুবাস আহঃ কি বিতোপন পৰিৱেশ।
শেৱালি ফুল যিদৰে মনোমোহা সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ।কেৱল ফুলেই নহয় ইয়াৰ পাতৰো আছে বহু ঔষধি গুণ।ইয়াৰ কেইটামান গুণাগুণৰ বিষয়ে জানো আহক—
১- শেৱালি ফুলৰ কোমলীয়া পাতৰ ৰস উলিয়াই মৌ-জোলৰ লগত খালে জ্বৰ-কাহ ভাল হয়।মেলেৰিয়া জ্বৰৰ বাবেও ই উপকাৰী
২- চুলি অকালতে পকা,সৰা আদি সমস্যাত ইয়াৰ গুটি পিহি মূৰত লগালে সুফল পোৱা যায়।শেৱালি পাতৰ কাঢ়ৰা বনাই খালেও উপকাৰ পোৱা যায়।
৩- কাহ-চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়।মৃগী ৰোগীক এই ৰস খোৱালে যথেষ্ট আৰোগ্য পায়।
৪- মুধমেহ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ পাত বৰ উপকাৰী।সৰু ল’ৰা-ছোৱালীৰ কৃমিৰ সমস্যা থাকিলে শেৱালিৰ পাতৰ ৰস খালে ভাল হয়।
৫- বাত বিষ ,গাঁ‌ঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।এই পাত পেষ্ট বনাই  পানীত উতলাই আধা বনাই ঠাণ্ডা কৰি ৰাতিপুৱা খালি পেটত খালে জ্বৰ ,গাৰ বিষ,গাঁ‌ঠিৰ বিষ ,কঁ‌কালৰ বিষ ভাল হয়।
৬-শেৱালি ফুল ভাজি বা আঞ্জা বনাই খাব পাৰি।সৰু মাছৰ লগত আঞ্জা খ্ন বৰ তৃপ্তিদায়ক।লগতে ই পাচন শক্তি বৃদ্ধি কৰে।
৭- ইয়াৰ পাতৰ ৰসে তেজ পৰিস্কাৰ কৰে।বায়ু নাশ কৰে।বদহজম ,বমি আদি নাশ কৰে।ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে।
৮- শেৱালি ফুল অলপ খাৰ দি খালে ঔষধি গুণ বেছি হয়।
৯- মহিলাৰ মাহেকীয়া সময়ত পেট বিষ হ’লে এই পাতৰ ৰস বৰ উপকাৰী।
১০- শেৱালি পাতত প্ৰ্চুৰ পৰিমাণে এণ্টিঅস্কিডেণ্ট থকাৰ বাবে ই ছালৰ বাবে বৰ উপকাৰী।ছালৰ এলাৰ্জি আদিত উপকাৰী।